নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে এটা সময়ত উগ্ৰপন্থী সমস্যাত জৰ্জৰিত উত্তৰ-পূবত পুনৰ শান্তি প্ৰতিষ্ঠা কৰিলে, এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। দেওবাৰে শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী অনুষ্ঠানত ভাগ লৈ শ্বাহে এইদৰে কয়।প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত এখন বিশাল ৰাজহুৱা সভাত ভাষণ দি শ্বাহে কয় যে মোডীয়ে যোৱা ৮ বছৰত ৫০ বাৰতকৈও অধিক সময় অঞ্চলটো ভ্ৰমণ কৰিছে আৰু অঞ্চলটোৰ প্ৰগতিৰ বাবে ৰোডমেপ প্ৰস্তুত কৰিছে।আগতে উত্তৰ-পূবক হিংসা আৰু বিচ্ছিন্নতাবাদৰ জনা গৈছিল কিন্তু যোৱা আঠ বছৰত বিদ্ৰোহী কাৰ্যকলাপ ৭০ শতাংশ হ্ৰাস পাইছে। তদুপৰি নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা ৬০ শতাংশ হ্ৰাস পাইছে, অসামৰিক লোকৰ মৃত্যু ৮৯ শতাংশলৈ হ্ৰাস পাইছে তেওঁ কয়।উল্লেখযোগ্য যে উত্তৰ-পূব পৰিষদ চমুকৈ এন ই চি হৈছে উত্তৰ-পূবৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে আঠখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ দ্বাৰা গঠিত এক নোডেল সংস্থা।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী