ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত গুৰু-শিষ্য হস্তশিল্প প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে হীয়া হেৰিটেজ ৱৰ্ল্ডৰ শিপিনীসকলক সবলীকৰণ কৰণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অধীনত যুগ যুগ ধৰি চলি অহা গুৰু শিষ্য পৰম্পৰা অনুসৰণ কৰি গ্ৰাম্য আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ শিপিনীসকলক নিপুণ শিল্পীসকলৰ দ্বাৰা বিশেষ প্ৰশিক্ষণ আৰু মেণ্টৰশ্বিপ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত হস্ততাঁত বোৱা, ডিজাইন উদ্ভাৱন, আৰু উদ্যোগীকৰণৰ বিকাশৰ দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কামৰূপ জিলাৰ বৰিহাট ভাল্লাত ১০ জানুৱাৰীৰ পৰা ১১ মাৰ্চলৈ মাহলৈ চলি থকা দুমহীয়া প্ৰশিক্ষণৰ শুভ উদ্ধোধন কৰে উন্নয়ন আয়ুক্ত হস্তশিল্প, গুৱাহাটীৰ জ্যেষ্ঠ সহকাৰী সঞ্চালক বালেশ্বৰ মিলিয়ে। উদ্বোধন কৰি মিলিয়ে প্ৰশিক্ষাৰ্থীসকলৰ প্ৰেৰণা মূলক বক্তব্য প্ৰদান কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে। মিতালী বৰুৱা বৰাৰ নেতৃত্বত কেইবাগৰাকীও সদস্যৰে গঠিত গোটত প্ৰায় ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন