হেপাটাইটিছ বি বিশেষজ্ঞৰ মত বিনিময় অনুষ্ঠান

0 262

বৰ্তমান সময়ত হেপেটাইটিছ বি ভাইৰাছে সমগ্ৰ বিশ্বতে এক বিভীষিকাৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ সমূহত ইয়াৰ প্ৰভাৱ অতি বেছি । বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ (হু ) ৰ এক তথ্য মতে বিশ্বৰ প্ৰায় ২৪০ লাখ লোক হেপেটাইটিছ বি ৰোগত আক্ৰান্ত হয়। আনহাতে হেপেটাইটিছ বি ৰ বিশেষজ্ঞ। ডাঃ মামুন আল মহতাবৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ইয়াৰ প্ৰায় ৫০ লাখ লোক বাংলাদেশৰ আৰু ইয়াৰ প্ৰভাৱ ভাৰতবৰ্ষতো আংশিক পৰিছে। উল্লেখযোগ্য যে দক্ষিণ এছিয়াৰ বৃক্ক সংস্থা ৰ এক আলোচনা শীৰ্ষক এক অনুষ্ঠানৰ কাৰ্যসূচী এক অংশ স্বৰূপে আজি গুৱাহাটীৰ হোটেল শ্ৰুলিন গ্ৰেণ্ড ত এক সংবাদ মেলৰ আয়োজন কৰি চুবুৰীয়া দেশ বাংলাদেশৰ হেপেটাইটিছ বি ৰ বিশেষজ্ঞ ডাঃ মামুন আল মহতাবে কয় সঠিক সময়ত সঠিক চিকিৎসা ৰ দ্বাৰা এইৰোগ নিৰাময় কৰিব পাৰি আৰু ই বংশগত নহয়। আনহাতে এই ৰোগ সাধাৰণতে পানী ,ফলমূল আদিৰ পৰাও সংক্ৰমণ হোৱাৰ সম্ভাৱনীয়তাৰ কথা সদৰী কৰে ডাঃ মহতাবে।

Leave A Reply

Your email address will not be published.