অসমৰ লোক সংস্কৃতিৰ এক এৰাব নোৱাৰা উপাদান হ’ল বিয়া নাম।এখন বিবাহৰ জোৰোণ আৰু বিয়াত মহিলা সকলে গোৱা এই বিয়ানামে বিবাহ স্থলীত সুকীয়া মাদকতা প্ৰদান কৰে।কিন্তু সময়ৰ লগে লগে আমাৰ মাজৰ পৰা এই বিয়া নাম সমূহ হেৰাই যোৱাৰ উপক্ৰম হৈছে। অসমৰ লোক সংস্কৃতিৰ চহকী উপাদান বিয়া নাম সমূহ যাতে সময়ৰ সোতত হেৰাই যাব নোৱাৰে ,তাৰ প্ৰতি লক্ষ্য ৰাখি অসম সাংস্কৃতিক সঞ্চালকালয়ৰ জামুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অলপতে অনুষ্ঠিত হয় বিয়ানামৰ প্ৰশিক্ষণ কৰ্মশালা ।এই কৰ্মশালাত জামুগুৰিহাটৰ ৩০গৰাকী মহিলাই প্ৰশিক্ষণ লৈ বিয়া নাম প্ৰদৰ্শন কৰে। জামুগুৰিহাটৰ বাপুজী ভৱনত ১০দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ অন্তিমদিনা মহিলা সকলে জাকে জাকে বিয়া নাম পৰিবেশন কৰে। উল্লেখ্য যে এখন বিবাহৰ জোৰোণ,পানীটোলাকে ধৰি বিভিন্ন সময়ত কোন খিনি বিয়া নাম গাব লাগে তাৰ ওপৰত সম্পূৰ্ণ ৰূপে প্ৰশিক্ষণ দিয়া হয় এই কৰ্মশালাত।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ