বিশ্বৰ আপোচহীন সংগ্ৰামী সত্তা, ভিয়েটনামৰ মুক্তিযুঁজৰ নেতা হো চি মিনৰ জীৱন আৰু সংগ্ৰামৰ কাহিনী সম্বলিত প্ৰদ্যোৎ গুহৰ বাংলা পুথিৰ এটি অসমীয়া সংস্কৰণ আজি গুৱাহাটীত উন্মোচন কৰি হয়। পুথিখন অসমীয়ালৈ তৰ্জমা কৰিছে উমেশ গগৈয়ে। পুথিখন উন্মোচন কৰি বিশিষ্ট বাওপন্থী নেতা মুনীন মহন্তই কয় যে হো চি মিনৰ জীৱন কাহিনী আজিৰ পটভূমিতো প্ৰাসংগিক। কাৰণ তেওঁৰ সংগ্ৰামে সকলো সময়তে আমাক প্ৰেৰণাদীপ্ত কৰে। সভাত অতিথি হিচাপে উপস্থিত থাকি লেখক ড:পৰমানন্দ মজুমদাৰে উমেশ গগৈয়ে এনে এখন পুথি অসমীয়া পঢ়ুৱৈৰ হাতত তুলি দি এটি মহৎ দায়িত্ব পালন কৰিলে। কিয়নো সাম্ৰাজ্যবাদী বিৰোধী সংগ্ৰামত অৱতীৰ্ণ হৈ বিশ্ব শান্তি প্ৰচেষ্টাত তেওঁৰ ভূমিকা আছিল ঐতিহাসিক। এই পুথিত অকল তেওঁৰ জীৱনৰ কথাই লিপিবদ্ধ হোৱা নাই, তৎকালীন বিশ্বৰ সাম্ৰাজ্যবাদী শিবিৰৰ কাৰ্যকলাপৰো ৰূপৰেখাৰ তুলি ধৰা হৈছে । আজিৰ প্ৰজন্ম এই পুথিৰ পৰা অনুপ্ৰাণিত হ’ব বুলি আশা কৰিব পাৰি। হো চি মিনৰ সংগ্ৰামৰ পৰা শিক্ষা নললে আমি আমাৰ সময়ৰ সংকট নিৰ্মূল কৰাৰ পথ নিৰ্মাণ কৰিব নোৱাৰোঁ বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। সভাত অনুবাদক উমেশ গগৈয়েও চমু বক্তব্য দিয়ে। সভাত ডম্বৰু বৰা,বাবুল চৌধুৰী প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰে।সভাৰ আঁত ধৰে নাৰীৰ স্বাধিকাৰ আন্দোলনৰ নেতৃ অসমী গগৈয়ে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত