১১ ঘন্টা চাইকেল চলাই আহি কমাণ্ডোৰ ইন্টাৰভিউ দিবলৈ আহিল মৰিগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক

0 289

কাইলৈ অনুষ্ঠিত হ’বলগীয়া অসম আৰক্ষীৰ কমাণ্ডো পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবেই সুদুৰ মৰিগাঁৱৰপৰ ১১ ঘন্টা চাইকেল চলাই আহি জামুগুৰিহাটৰ কুসুমটোলা দ্বাদশ অসম আৰক্ষী বাহিনীৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত আহি উপস্থিত হয়হি এগৰাকী যুৱক৷মনত অদম্য আশা আৰু সপোন লৈ উপস্থিত হোৱা এটি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী যুৱকৰ নাম খনিন পাটৰ৷আৰ্থিক অনাটনৰ বাবিই একমাত্ৰ চাইকেলখনকেই সাৰথি কৰি কষ্টৰ ফল ৰত্ন পোৱাৰ প্ৰচুৰ আশা লৈ লক্ষ্যস্থানত উপনীত হোৱা দৰিদ্ৰ পৰিয়ালৰ যুৱকগৰাকীৰ পিতৃ এগৰাকী পেইন্টাৰ আছিল যদিও নানান অসুবিধাৰ বাবেই কৰ্ম পূৰ্বৰ দৰে কৰিব নোৱাৰাত এইগৰাকী যুৱকে পঢ়াৰ সমান্তৰালকৈ শ্ৰমিকৰ কামো কৰিব লগা হৈছিল৷যাৰ বাবে এইদৰে অৰ্থৰ অভাৱত দেশ সেৱাৰ মন লৈ এটি চাকৰিৰ আশাত এইদৰেই যাত্ৰাপথত একাপ চাহ আৰু এটি ৰুটি খাই যাত্ৰা কৰি লক্ষ্যস্থানত উপনীত হৈছেহি উদ্যমী যুৱকজন৷

আনহাতে যুৱকজনে এইদৰে ইন্টাৰভিউ দিবৰ বাবে সূদীৰ্ঘ পথ চাইকেল লৈ আহি উপস্থিত হোৱাত যুৱকজনক সাহস আৰু প্ৰেৰণা দিয়াৰ বাবে গামোছাৰে আদৰণি জনোৱাৰ লগতে থকা খোৱাৰো ব্যৱস্থা কৰি দিছে জামুগুৰিহাটৰ কুসুমটোলা পিঠাগুৰিদৌল যুৱক সংঘৰ যুৱকসকলে৷আমিও আশা কৰিছো চাইকেল লৈ লক্ষ্যস্থান আহি পোৱা এইগৰাকী যুৱক খনিন পাটৰৰ মনৰ সপোন পূৰণ হওক আৰু পৰীক্ষাত উৰ্তীৰ্ণ হৈ দেশসেৱাৰ বাবে নিজকে নিয়োজিত কৰাৰ যি সপোন সেয়া সাৰ্থক হওক৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.