ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম স্বাভিমানি শিক্ষানুষ্ঠান বিগত ডেৰ শতিকা জুৰি গুণগত প্ৰাথমিক শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰত নিৰবিচ্ছিন্ন অৱদান আগবঢ়াই অহা ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ আজি অন্তিম দিনা অনুষ্ঠিত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই তিনি দিনীয়া কাৰ্য্যসূচীৰ অনন্য মাত্ৰা প্ৰদান কৰে। জয়ন্তীৰ তৃতীয় তথা অন্তিম দিনাৰ মুখ্য কাৰ্যসূচী সমন্বয়ৰ বাৰ্তা বহনকাৰী সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয় পুৱা ১০-১০ বজাত। শোণিতপুৰ জিলাৰ জিলা সাংস্কৃতিক বিষয়া জিতেন দাসৰ উদ্বোধনী ভাষনেৰে শুভাৰম্ভ হোৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত জীয়ামৰিয়া , কমাৰ গাঁও, কপহুৱা , দেউলিয়া , ভগামুখ , হুজ গাঁও আদিৰ অগণন শিক্ষানুৰাগী ৰাইজৰ স্বতঃস্ফুট অংশ গ্ৰহনেৰে বাহিৰ হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাত কাষত কলহ লৈ ১০০ গৰাকী আয়তী, মিচিং, দেউৰী ,চাউতালী ,নেপালী লোক কৃষ্টি দল ,জীয়ামৰিয়া, কমাৰ গাঁও, কপহুৱা গাঁওৰ গায়ন বায়নৰ দল , কমাৰ গাঁওৰ সত্ৰীয়া নৃত্যৰ দল, জাতিয় লোক কৃষ্টিৰ বিহু দলে অংশগ্ৰহণ কৰা এই সমন্বয়ৰ বাৰ্তা বহনকাৰী দৃষ্টিনন্দন শোভাযাত্ৰাক দৰাচলতে জ্ঞানৰ গৰিমা বিলোৱা এক শৈক্ষিক উত্তৰন মুখী যাত্ৰা বুলি অভিহিত কৰি বিগত ডেৰ শতিকা গৰকা এইখন শিক্ষানুষ্ঠান ৰাজ্যখনৰে ভিতৰত জ্ঞানৰ গৰিমা বিকিৰণৰ এজোপা বটবৃক্ষ হিচাবে অনাদি অনন্ত কাললৈকো ইতিহাসৰ পৃষ্ঠাত সমুজ্জ্বল ভোটা তৰা হিচাবে জিলিকি ৰব বুলি উদ্বোধক দাসে মন্তব্য কৰে। ইয়াৰ পূৰ্বে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় ভেশচন প্ৰতিযোগিতা । অঞ্চলটোৰ বহু সংখ্যক যুৱক যুৱতী ,শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই ভেশচন প্ৰতিযোগিতাৰ পাছতে দুপৰীয়া সভা মণ্ডপত অনুষ্ঠিত হয় মুকলি সভা।বিশিষ্ট সাহিত্যিক ,সাহিত্যিক ডঃ নিৰ্মল চাহেৱালাই মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি মনোজ্ঞ বক্তব্য ৰখা মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি নৱ কুমাৰ দলেয়ে । বিদ্যালয়ৰ এটি সমবেত শ্ৰুতি মধুৰ সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে প্ৰবীণ শিক্ষাবিদ ছবিলাল জৈন , ডঃ ঠানু ৰাম মজিন্দাৰে , বিশিষ্ট অতিথি হিচাবে মহকুমাধিপতি অৰিন্দম বৰুৱা,শিক্ষাবিদ ডঃ চন্দ্ৰ চুতীয়াই অংশ গ্ৰহণ কৰে। নিশালৈ ভাওনা মঞ্চায়নেৰে ডেৰশ বছৰীয়া জয়ন্তীৰ বৰ্ণিল সামৰণি মৰা হয় । অতি শৃঙ্খলিত ভাবে অনুষ্ঠিত জয়ন্তীৰ তিনিওটা দিনৰ সমূহ কাৰ্যসূচী শুভাকাংক্ষী ৰাইজ ,প্ৰাক্তন শিক্ষক শিক্ষাৰ্থী আৰু বিদ্যালয় পৰিয়ালৰ অকুণ্ঠ সহযোগিতাৰে সফল সমাপ্তি ঘটাৰ বাবে সকলোৰে ওচৰত ব্যৱস্থাপনা সমিতিৰ সম্পাদক ভাস্কৰ দাসে কৃতজ্ঞতাৰ সেৱা ধৰিছে।
Trending
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্
- দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
- পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
- অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ উদ্যোগত ৭৬ সংখ্যক শিল্পী দিৱস, ভোগালী বিহু আৰু ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন
- কাঁচিয়লি’ৰ শিশুনাট সমাৰোহৰ সফল সামৰণি-বাঁহেৰে নিৰ্মিত মঞ্চত মঞ্চস্থ হ’ল পাঁচখনকৈ শিশুনাট
- NSE Headquarters Illuminated in Tricolour on Eve of 77th Republic Day