পলাশবাৰীৰ সমষ্টিৰ শ্ৰীশ্ৰীচতুৰ্ভূজ গোঁসাই সত্ৰ, গড়গৰাত আজি অসম সত্ৰ মহাসভাৰ অন্তৰ্গত দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ ২১ সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । ৰাতিপুৱা ভৱিত দাসে উষা কীৰ্ত্তন পাঠ কৰাৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই । তাৰ পিছত একাদিক্ৰমে স্মৃতি তৰ্পন, বৃক্ষৰোপন, নাম-প্ৰসংগ কৰা হয় । লগতে সত্ৰীয়া সংস্কৃতিৰ ওপৰত এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাখন সঞ্চালন কৰে কামৰূপ জিলাৰ সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই। আলোচক হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° গজেন্দ্ৰ অধিকাৰী , দক্ষিণ কামৰূপ ছোৱালী মহাবদ্যালয়ৰ অধ্যাপক ড° নৱকান্ত অধিকাৰী লগতে যুৱ বক্তা হিচাপে যুৱ লেখক ধনমণি দাস উপস্থিত বিষয়বস্তুৰ ওপৰত ভাষণ প্ৰদান কৰে।
Trending
- ডেৰ কোটিৰো অধিক টকাৰ যানবাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী
- মেয়ৰ – ডেপুটী মেয়ৰসহ মিত্ৰজোঁটৰ পশ্চিম গুৱাহাটীৰ ১৫ জন পৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা
- গুণোৎসৱ উপলক্ষে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন
- পলাশবাৰীৰ ৰাজাপুখুৰীত ৰ’দ-কাঁচিয়লী চুইটছ উদ্বোধন
- লোক্ৰাত গুণোৎসৱ-২০২২ সজাগতা ৰেলী আৰু সভা সম্পন্ন
- জামুগুৰিহাটত ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ সজাগতা সভা পালন
- বিশ্ব জৈৱ বৈচিত্ৰ্য সংৰক্ষণ দিৱসত দীপৰ বিলৰ পাৰত গছপুলি ৰোপন
- ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সভাকক্ষত উন্নয়ন সমন্বয়ৰক্ষী আৰু তদাৰকী সমিতিৰ বৈঠক
- পলাশবাৰীত বিজেপিৰ মন কি বাত শক্তি কেন্দ্ৰ আহ্বায়কৰ সন্মিলন
- আইনাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত যোগ বিজ্ঞান যাত্ৰাৰ আয়োজন