ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে জিলাখনত পঞ্জীয়নভুক্ত ব্যক্তিগত আৰু ব্যৱসায়ীকসহ সকলো যান বাহনৰ গৰাকীক অহা ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰ , বকেয়া কৰ আদায় দিবলৈ অনুৰোধ জনায় জাননী জাৰি কৰিছে । জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে যান বাহনৰ যিসকল গৰাকীয়ে বিভাগক দিবলগীয়া বকেয়াসহ যাবতীয় কৰ আদায় দিয়া নাই , তেওঁলোকৰ লগতে পঞ্জীয়ন পত্ৰ নবীকৰণ , সক্ষমতাৰ প্ৰমাণ পত্ৰ নবীকৰণ আৰু গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ নবীকৰণ নকৰা গৰাকী সকলকো নবীকৰণ কৰি যাবতীয় কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে । আনকি এই সন্দৰ্ভত গোহাঁৰি যোগে জাননী জাৰি কৰা হৈছে । গৰাকী সকলে কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত এ টি এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব । আনকি অনলাইন ব্যৱস্থা অৰ্থাৎ এন ই এফ টি , আৰ চি জি বা ই চি এছ পদ্ধতিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব । অৱশ্যে অহা ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰ আদায় নিদিলে চলিত ২০২০-২১ বিত্তীয় শেষ হোৱাৰ পাছত অৰ্থাৎ পহিলা এপ্ৰিলৰ পাছত কৰ আদায় নিদিয়া যান বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে পুনৰ বিশেষ অভিযান আৰম্ভ কৰিব । ইতিমধ্যে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা যান বাহনৰ গৰাকী সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলাখনৰ গুৰুত্বপূৰ্ণ স্থান সমূহত “যান বাহনৰ কৰ পৰিশোধ কৰক পৰিবহন ব্যৱস্থা সুচল কৰক” বাণীৰে সজাগতা অভিযান চলায় আছে । অভিযানৰ অংশহিচাপে গুৱাহাটী মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থান সমূহত যান বাহন পৰিদর্শক আৰু প্ৰৱৰ্তক পৰিদর্শকৰ উপৰি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি অহা হৈছে । সভা সমূহত গৌতম দাসৰ উপৰিও কামৰূপ মহানগৰ জিলাৰ আন দুজন জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আৰু হিমাংশু দাসো উপস্থিত আছিল । আনহাতে জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি কভিড কেন্দ্ৰীক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত পৰিবহন ব্যৱস্থাটো সম্প্ৰতি ঠন ধৰি উঠিছে । যাৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সৱল কৰি তোলাৰ ক্ষেত্ৰত যান বাহনৰ কৰ পৰিশোধ কৰাটো গৰাকী সকলৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য । ৰাজ্যখনৰ অৰ্থনীতি বুনিয়াদ গঢ়াত যান বাহনৰ গৰাকী সকলে যথেষ্ঠ অৱদান আগবঢ়াই আহিছে বুলি গৌতম দাসে সদৰি কৰিছে।
Trending
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ