ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে জিলাখনত পঞ্জীয়নভুক্ত ব্যক্তিগত আৰু ব্যৱসায়ীকসহ সকলো যান বাহনৰ গৰাকীক অহা ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰ , বকেয়া কৰ আদায় দিবলৈ অনুৰোধ জনায় জাননী জাৰি কৰিছে । জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে যান বাহনৰ যিসকল গৰাকীয়ে বিভাগক দিবলগীয়া বকেয়াসহ যাবতীয় কৰ আদায় দিয়া নাই , তেওঁলোকৰ লগতে পঞ্জীয়ন পত্ৰ নবীকৰণ , সক্ষমতাৰ প্ৰমাণ পত্ৰ নবীকৰণ আৰু গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ নবীকৰণ নকৰা গৰাকী সকলকো নবীকৰণ কৰি যাবতীয় কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে । আনকি এই সন্দৰ্ভত গোহাঁৰি যোগে জাননী জাৰি কৰা হৈছে । গৰাকী সকলে কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত এ টি এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব । আনকি অনলাইন ব্যৱস্থা অৰ্থাৎ এন ই এফ টি , আৰ চি জি বা ই চি এছ পদ্ধতিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব । অৱশ্যে অহা ৩১ মাৰ্চৰ ভিতৰত যাবতীয় কৰ আদায় নিদিলে চলিত ২০২০-২১ বিত্তীয় শেষ হোৱাৰ পাছত অৰ্থাৎ পহিলা এপ্ৰিলৰ পাছত কৰ আদায় নিদিয়া যান বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে পুনৰ বিশেষ অভিযান আৰম্ভ কৰিব । ইতিমধ্যে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা যান বাহনৰ গৰাকী সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলাখনৰ গুৰুত্বপূৰ্ণ স্থান সমূহত “যান বাহনৰ কৰ পৰিশোধ কৰক পৰিবহন ব্যৱস্থা সুচল কৰক” বাণীৰে সজাগতা অভিযান চলায় আছে । অভিযানৰ অংশহিচাপে গুৱাহাটী মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থান সমূহত যান বাহন পৰিদর্শক আৰু প্ৰৱৰ্তক পৰিদর্শকৰ উপৰি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি অহা হৈছে । সভা সমূহত গৌতম দাসৰ উপৰিও কামৰূপ মহানগৰ জিলাৰ আন দুজন জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আৰু হিমাংশু দাসো উপস্থিত আছিল । আনহাতে জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি কভিড কেন্দ্ৰীক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত পৰিবহন ব্যৱস্থাটো সম্প্ৰতি ঠন ধৰি উঠিছে । যাৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সৱল কৰি তোলাৰ ক্ষেত্ৰত যান বাহনৰ কৰ পৰিশোধ কৰাটো গৰাকী সকলৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য । ৰাজ্যখনৰ অৰ্থনীতি বুনিয়াদ গঢ়াত যান বাহনৰ গৰাকী সকলে যথেষ্ঠ অৱদান আগবঢ়াই আহিছে বুলি গৌতম দাসে সদৰি কৰিছে।
Trending
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’