৩৭ সংখ্যক মৰিগাঁও জিলা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 60

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি চাৰণ বিল উদ্যানত ৩৭ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হয় । জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্য অতিথি হিচাপে এই অনুষ্ঠানত অংশ গ্ৰহন কৰে।

সদ‍্যপ্ৰয়াত সংগীত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মন্ত্ৰীগৰাকীয়ে চাৰণ বিলৰ পাৰত ২৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ভূমি পূজন কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে জুবিন গাৰ্গৰ বিয়োগত অসমে সাংস্কৃতিক জগতৰ এক মহান ৰত্ন হেৰুৱাইছে আৰু সমগ্ৰ ৰাজ্য তেওঁৰ অকাল মৃত্যুত শোকত ম্ৰিয়মান হৈ আছে। এই মহান শিল্পীগৰাকীৰ বিশাল ব‍্যক্তিত্বৰ সন্মানত চাৰণ বিলৰ পাৰৰ উদ্যানখনত এই বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলি তেওঁ কয়।

মন্ত্ৰীগৰাকীয়ে শিল্পীগৰাকীৰ স্মৃতিত ৫০০টা নাহৰ গছপুলি ৰোপণৰ অভিযানৰ শুভাৰম্ভ কৰাৰ লগতে অনুষ্ঠানৰ অংশ হিচাপে আয়োজন কৰা পৰম্পৰাগত নাও দৌৰৰ ফ্লেগ অফ কৰে।

ৰূপায়ন হৈ থকা বিভিন্ন উন্নয়নমূলক কামৰ ওপৰত আলোকপাত কৰি হাজৰিকাই কয় যে এসময়ত কাগজ কলৰ বাবে পৰিচিত মৰিগাঁও এতিয়া আগন্তুক চেমিকন্ডাক্টৰ প্ৰকল্পৰ সৈতে ‍আধুনিক যুগৰ পৰিৱৰ্তনৰ বাবে সাজু হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং আৰু অসম মালা আঁচনিৰ অধীনত কেইবাটাও পথ নিৰ্মাণ কৰি জিলাখনত যোগাযোগৰ উন্নতি সাধন কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কামো দ্ৰুতগতিত চলি আছে আৰু ইয়াৰ দ্বাৰা জিলাখনৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি বহুখিনি উন্নত হ’ব বুলিও তেওঁ কয়।

তেওঁ লগতে কয় যে ইতিমধ্যে ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ফলত জিলাখনত বান পৰিস্থিতি যথেষ্ট উন্নত হৈছে, যাৰ ফলত কৃষকসকলে বছৰি তিনিটাকৈ খেতি কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে নিয়োগৰ সুযোগ সৃষ্টি হৈছে আৰু স্থানীয় যুৱক-যুৱতীসকলে ক্ৰমান্বয়ে সংস্থাপনৰ নতুন পথ বিচাৰি পাইছে।

আজিৰ অনুষ্ঠানত মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ‍নিৰ্মাণৰ দায়িত্ব লাভ কৰা বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন্দ্ৰ প্ৰসাদ সিংহ, জ্যেষ্ঠ বিষয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট নাগৰিক উপস্থিত থাকে।

ইয়াৰ পিছতে আজি মন্ত্ৰীগৰাকীয়ে প্ৰায় ৬.৫৪ কোটি টকা ব্যয় সাপেক্ষে গোবৰ্ধন বজাৰৰ পৰা ঘোৰামাৰাজান–নলিনী কালি মন্দিৰলৈ পিএমজিএছৱাইৰ অধীনত নতুন আৰচিচি দলঙকে ধৰি ৩.০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

Leave A Reply

Your email address will not be published.