কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত অজিত কুমাৰ শৰ্মাৰ সভাপতিত্বত আজি জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজীৎ চৌধুৰী, পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, কামৰূপ মহানগৰ জিলা যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, সহকাৰী পৰিবহণ আয়ুক্ত আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাব, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) ৰাজীৱ কুমাৰ পেগুকে ধৰি জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত আৰক্ষী, লোকনিৰ্মাণ, স্বাস্থ্য, আবকাৰী, জলবৰ্ড আদি বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াৰ উপস্থিতিত বৈঠকখন অনুস্থিত হয় । বৈঠকৰ আৰম্ভণীতে অতিৰিক্ত আয়ুক্ত অজিত কুমাৰ শৰ্মাই বিগত মাহৰ বৈঠকত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত বিভিন্ন বিভাগসমূহৰ পৰা খতিয়ান লয় ৷ পথ-সুৰক্ষা বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰি সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত বিভাগীয় কামকাজ নিয়াৰিকৈ সম্পন্ন কৰাত দায়িত্বশীল ভূমিকা গ্ৰহণৰ ক্ষেত্ৰত অমনোযোগিতা দেখুওৱা বিভাগসমূহক সতৰ্ক কৰি দি আগন্তুক সময়ত অতি নিষ্ঠা আৰু দায়িত্বসহকাৰে বিভাগীয় কামকাজ সময়মতে সম্পন্ন কৰিবলৈ তেওঁ আহ্বান জনায়। মহানগৰীৰ কাষৰীয়া কেইবাটাও অঞ্চলত নিশাৰ ভাগত মদ্যপান কৰি বাহন চলোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱা বুলি উঠা অভিযোগত আগন্তুক দিনত এইক্ষেত্ৰত বিশেষভাৱে যৌথ তালাচীৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক আহ্বান জনায়। বৈঠকত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে অসমক প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন বাস্তবায়িত কৰাৰ লক্ষ্যৰে যান-বাহনৰ গৰাকীৰ সুবিধা হোৱাকৈ পৰিবহণ বিভাগে গ্ৰহণ কৰা “অসম যানবাহন স্ক্ৰেপিং নীতি ২০২২”ৰ এককালীন নিষ্পত্তি ( One time Settlement) প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰে। এই এককালীন নিষ্পত্তি প্ৰক্ৰিয়াৰ অধীনত তেওঁ চৰকাৰী বিভিন্ন বিভাগৰ কাৰ্যালয় চৌহদত পৰিত্যক্ত হৈ থকা অচল বাহনসমূহকে ধৰি ১৫বছৰ অতিক্ৰম কৰা বাহনসমূহ স্ক্ৰেপ কৰি পথত যাতায়াতৰ উপযোগী পৰিৱেশ গঢ়ি তোলাৰ বাবে আহ্বান জনায়। পৰিবহণ বিভাগৰ আহ্বানৰ প্ৰতি সহযোগিতা আগবঢ়াই বিভিন্ন চৰকাৰী বিভাগে ইতিমধ্যে ব্যৱহাৰৰ অনুপযোগী বাহন স্ক্ৰেপ কৰি প্ৰাকৃতিক পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উল্লেখনীয় ভূমিকাৰ কথাও উল্লেখ কৰে। আনকি স্ক্ৰেপ কৰা বাহনৰ ক্ষেত্ৰত অনাদায় হৈ থকা যানবাহন কৰৰ ৭৫% শতাংশলৈকে ৰেহাই দি মাত্ৰ ২৫% কৰ পৰিশোধ কৰিয়ে ঘৰৰ চৌহদ অথবা ৰাষ্টাই-ঘাটে পৰি থকা বাহন সহজে স্ক্ৰেপ কৰাৰ কাৰণে বিভাগে বাহনৰ গৰাকীলৈ বৃহৎ পৰিমাণৰ আৰ্থিক সকাহ দিয়াৰ কথাও উল্লেখ কৰে । এইক্ষেত্ৰত প্ৰদূষণ সৃষ্টিকাৰী বাহন পথ আৰু পৰিৱেশৰ পৰা সম্পূৰ্নৰূপে নিচিন্ন কৰিবলৈ সকলোকে আকৰ্ষিত কৰাৰ বাবে পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহক আহ্বান জনায়।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram