প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত কেৱল অসমৰে নহয় অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে। আনকি উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিচিত এন এফ ৰেলৱে এম্পলইজ ইউনিয়নেও মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত পুৰ্বতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল। আনহাতে ইউনিয়নৰ এটা বৃহৎ প্ৰতিনিধি দলে প্ৰাণৰ শিল্পী গৰাকীৰ সহধর্মিণী গৰিমা গাৰ্গক আজি দুপৰীয়া তেওঁলোকৰ কাহিলিপাৰাৰ আৱাসত সাক্ষাৎ কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কালত শোক বার্তা পাঠ কৰি শুনায় আৰু দৃষ্টিনন্দন ৰূপত ফ্রেমত বন্ধাই অনা সেই বার্তা তেওঁক অর্পণ কৰে। প্ৰতিনিধি দলটোৱে গৰিমা শইকীয়া গাৰ্গক কয় ‘শিৰৰ সেন্দুৰখিনিৰ মাজেৰে জুবিনক আজীৱন জীয়াই ৰখাৰ বাবে আপুনি যি সংকল্প লৈছে , তাৰ আমি শলাগ লৈছোঁ; ঈশ্বৰ সহায় হওক। আমৃত্যু শিৰত সেন্দুৰ পিন্ধিবা; কাৰণ জুবিন অমৰ। এই দুর্বিষহ ঘটনাৰ সত্য কথা পোহৰলৈ আহিবই।’ আনহাতে গৰিমা গাৰ্গে তেওঁৰ দুখৰ দিনত এনে স্নেহাশিসেৰে অন্তৰত সাহস দিয়াৰ বাবে ইউনিয়নক প্ৰণাম জনাই কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে প্ৰতিনিধি দলটোত ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যকৰী সভাপতি মধু সুদন দাস, কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদকত্ৰয় দিগন্ত বৰুৱা , প্ৰকাশ বৰ্মন আৰু দেবাশীষ মুখাৰ্জী , উপ সভাপতি ত্ৰিদীপ মজুমদাৰ , সাংগঠনিক সম্পাদক ভাস্কৰ ভূষণ দাস আৰু ধ্ৰুৱ তালুকদাৰসহ ইউনিয়নৰ গুৱাহাটীত থকা ৭ টা শাখাৰ সভাপতি – সম্পাদক প্ৰমুখ্যে কেবাজনো কৰ্মকৰ্তা আৰু শতাধিক সদস্য – সদস্যা উপস্থিত থাকে। আনকি প্ৰতিনিধি দলটোৱে জুবিন গাৰ্গক প্ৰকৃত ন্যায় দিয়াৰ বাবে “জাষ্টিচ ফৰ জুবিন” শীৰ্ষক আন্দোলনত চামিল হোৱা বুলিও গৰিমা শইকীয়া গাৰ্গক সদৰি কৰে। উল্লেখ্য যে ইউনিয়নৰ ফালৰ পৰা ইতিমধ্যে অসম চৰকাৰক ছিংগাপুৰত সাগৰ তীৰত জুবিন গাৰ্গৰ কিদৰে মৃত্যু হৈছিল , তাৰ প্ৰকৃত সত্য পোহৰলৈ অনাৰ বাবে দাবী জনাই আহিছে।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান