গ্ৰাম্য পৰ্যটন আৰু গ্ৰাম অৰ্থনীতি বিকাশৰ ক্ষেত্ৰত যথেষ্ট খিনি আগবাঢ়ি গৈছে গোলাঘাট জিলাৰ খুমটাই সমষ্টি।সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই গ্ৰাম্য অৰ্থনীতি বিকাশৰ লগতে পৰ্যটনক উদ্যোগলৈ ৰূপান্তৰিক কৰাৰ নিৰলস প্ৰচেষ্টাই ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটো বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।এনে সময়তে বিধায়ক গৰাকীয়ে গ্ৰহণ কৰা আন এটা বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু বিধায়ক গৰাকীৰ এনে প্ৰচেষ্টাক সমষ্টি বাসীয়ে আদৰি লোৱা পৰিলক্ষিত হৈছে।কালি অৰ্থাৎ ৩০ নৱেম্বৰৰ পুৱা ৫-৩০ বজাত হঠাতে বিধায়ক গৰাকীয়ে গ্ৰহণ কৰে ৪৬ কি:মি: পথ খোজকাঢ়ি পৰিদৰ্শন কৰাৰ লগতে পথৰ দুয়োকাষে পলিথিন মুক্ত কৰাৰ প্ৰয়াস।২৯ নৱেম্বৰৰ বিয়লি দিয়া এটা ফেচবুক পষ্টৰ পিছতে ৩০ নৱেম্বৰ পুৱা নিৰ্দিষ্ট স্থানত ডেৰ শতাধিক যুৱক যুৱতী সন্মিলিত হৈ সমষ্টিটোৰ ৪৬.৫ কি:মি: পথ খোজকাঢ়ি পৰিদৰ্শন কৰাৰ লগতে পথৰ দুয়োকাষে পৰি থকা চিপচ, গুটখাৰ পেকেট,পানীৰ খালী বটল আদি বস্তাত ভৰাই নিজৰ খালী হৈ থকা ভূমিত মজুত কৰে।বিধায়ক গৰাকীৰ পদযাত্ৰা কালছোৱাত ডেৰ শতাধিক যুৱক যুৱতীয়ে সমগ্র পথছোৱা অংশগ্ৰহণ কৰা উপৰিও প্ৰতিখন গাঁৱৰ ৰাইজেও নিজৰ এলেকাত সমবেত হৈ বিধায়ক গৰাকীৰ এনে অভিনৱ প্ৰচেষ্টাক আদৰণি জনাই সহযোগিতা আগবঢ়াই।বিধায়ক মৃণাল শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে প্লাষ্টিক কৃষকৰ শত্ৰু ,জীৱকুলৰ বাবে শত্ৰুস্বৰূপ।পলিথিনজাত সামগ্ৰী ব্যৱহাৰ আৰু পেকেট জাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছত মানুহে দলিয়াই পেলাই দিয়ে আৰু সেই পলিথিন এদিন খেতিপথাৰত উৰ্বৰতা নষ্ট কৰি শস্য উৎপাদন হ্ৰাস কৰি আহিছে।ইয়াৰোপৰি এনে পলিথিনে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা ক্ষেত্ৰতো বেয়া প্ৰভাৱ পেলায় আহিছে।এনে পলিথিন পেলাই দিয়াৰ পাছত এহেজাৰ বছৰ পর্যন্ত মাটিৰ লগত মিহলি নহয়।ইয়াৰ ক্ষুদ্ৰ কণা পানীৰ জৰিয়তে মানৱদেহলৈ অথবা জীৱকুলৰ দেহত প্ৰৱেশ কৰে আৰু বিভিন্ন ৰোগে দেখা দিয়ে।সেয়ে প্লাষ্টিক মুক্ত এখন সমাজ গঢ়াৰ সম্প্ৰতি প্ৰয়োজন হৈ পৰিছে বুলি উল্লেখ কৰি সকলোকে পলিথিন ব্যৱহাৰৰ পৰা বিৰত হ’বলৈ আহ্বান জনায়।লগতে কয় যে অহা ১৩ নৱেম্বৰত খুমটাই সমষ্টিৰ ডেষ্টিনেশ্বন খুমটাই দ্বাৰা আয়োজিত ফুল মাৰাথনৰ প্ৰতি লক্ষ্য ৰাখি এই পদযাত্ৰা কৰা হৈছে যাতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগী সকলে খুমটাই পৰা এটা শুভ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে আৰু অনাগত দিনত খুমটাই লৈ আৰু অধিক পৰ্যটকৰ আগমন ঘটে।ইতিমধ্যে দেশৰ বাহিৰতো খুমটাই গ্ৰাম্য পৰ্যটনে খোজ দিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে অলপতে কানাডাৰ পৰা এহাল দম্পতী আহি খুমটাই গ্ৰাম্য পৰ্যটন পৰিদৰ্শন কৰি গৈছে।
Trending
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)