গ্ৰাম্য পৰ্যটন আৰু গ্ৰাম অৰ্থনীতি বিকাশৰ ক্ষেত্ৰত যথেষ্ট খিনি আগবাঢ়ি গৈছে গোলাঘাট জিলাৰ খুমটাই সমষ্টি।সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই গ্ৰাম্য অৰ্থনীতি বিকাশৰ লগতে পৰ্যটনক উদ্যোগলৈ ৰূপান্তৰিক কৰাৰ নিৰলস প্ৰচেষ্টাই ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটো বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।এনে সময়তে বিধায়ক গৰাকীয়ে গ্ৰহণ কৰা আন এটা বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু বিধায়ক গৰাকীৰ এনে প্ৰচেষ্টাক সমষ্টি বাসীয়ে আদৰি লোৱা পৰিলক্ষিত হৈছে।কালি অৰ্থাৎ ৩০ নৱেম্বৰৰ পুৱা ৫-৩০ বজাত হঠাতে বিধায়ক গৰাকীয়ে গ্ৰহণ কৰে ৪৬ কি:মি: পথ খোজকাঢ়ি পৰিদৰ্শন কৰাৰ লগতে পথৰ দুয়োকাষে পলিথিন মুক্ত কৰাৰ প্ৰয়াস।২৯ নৱেম্বৰৰ বিয়লি দিয়া এটা ফেচবুক পষ্টৰ পিছতে ৩০ নৱেম্বৰ পুৱা নিৰ্দিষ্ট স্থানত ডেৰ শতাধিক যুৱক যুৱতী সন্মিলিত হৈ সমষ্টিটোৰ ৪৬.৫ কি:মি: পথ খোজকাঢ়ি পৰিদৰ্শন কৰাৰ লগতে পথৰ দুয়োকাষে পৰি থকা চিপচ, গুটখাৰ পেকেট,পানীৰ খালী বটল আদি বস্তাত ভৰাই নিজৰ খালী হৈ থকা ভূমিত মজুত কৰে।বিধায়ক গৰাকীৰ পদযাত্ৰা কালছোৱাত ডেৰ শতাধিক যুৱক যুৱতীয়ে সমগ্র পথছোৱা অংশগ্ৰহণ কৰা উপৰিও প্ৰতিখন গাঁৱৰ ৰাইজেও নিজৰ এলেকাত সমবেত হৈ বিধায়ক গৰাকীৰ এনে অভিনৱ প্ৰচেষ্টাক আদৰণি জনাই সহযোগিতা আগবঢ়াই।বিধায়ক মৃণাল শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে প্লাষ্টিক কৃষকৰ শত্ৰু ,জীৱকুলৰ বাবে শত্ৰুস্বৰূপ।পলিথিনজাত সামগ্ৰী ব্যৱহাৰ আৰু পেকেট জাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছত মানুহে দলিয়াই পেলাই দিয়ে আৰু সেই পলিথিন এদিন খেতিপথাৰত উৰ্বৰতা নষ্ট কৰি শস্য উৎপাদন হ্ৰাস কৰি আহিছে।ইয়াৰোপৰি এনে পলিথিনে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা ক্ষেত্ৰতো বেয়া প্ৰভাৱ পেলায় আহিছে।এনে পলিথিন পেলাই দিয়াৰ পাছত এহেজাৰ বছৰ পর্যন্ত মাটিৰ লগত মিহলি নহয়।ইয়াৰ ক্ষুদ্ৰ কণা পানীৰ জৰিয়তে মানৱদেহলৈ অথবা জীৱকুলৰ দেহত প্ৰৱেশ কৰে আৰু বিভিন্ন ৰোগে দেখা দিয়ে।সেয়ে প্লাষ্টিক মুক্ত এখন সমাজ গঢ়াৰ সম্প্ৰতি প্ৰয়োজন হৈ পৰিছে বুলি উল্লেখ কৰি সকলোকে পলিথিন ব্যৱহাৰৰ পৰা বিৰত হ’বলৈ আহ্বান জনায়।লগতে কয় যে অহা ১৩ নৱেম্বৰত খুমটাই সমষ্টিৰ ডেষ্টিনেশ্বন খুমটাই দ্বাৰা আয়োজিত ফুল মাৰাথনৰ প্ৰতি লক্ষ্য ৰাখি এই পদযাত্ৰা কৰা হৈছে যাতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগী সকলে খুমটাই পৰা এটা শুভ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে আৰু অনাগত দিনত খুমটাই লৈ আৰু অধিক পৰ্যটকৰ আগমন ঘটে।ইতিমধ্যে দেশৰ বাহিৰতো খুমটাই গ্ৰাম্য পৰ্যটনে খোজ দিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে অলপতে কানাডাৰ পৰা এহাল দম্পতী আহি খুমটাই গ্ৰাম্য পৰ্যটন পৰিদৰ্শন কৰি গৈছে।
Trending
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন