ৰঙিয়াত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধনৰ লগতে অমৃত সৰোবৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ

0 182

অসম চৰকাৰৰ কৃষি, পশুপালন, অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি ৰঙিয়া মহকুমাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জাৰ্কোনা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে মধুকুছিত নিৰ্মীয়মান কেন্দ্ৰটিৰ কাম-কাজো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে অংগনৱাড়ী কেন্দ্ৰ দুটিত শিশু আৰু অংগনৱাড়ী কৰ্মী-সহায়িকাসকল লগত মত বিনিময় কৰে তথা অঞ্চলটোৰ স্থানীয় লোকসকলৰ সৈতে মত -বিনিময় কৰি অংগনৱাড়ী কেন্দ্ৰ দুটিৰপৰা যাৱতীয় সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আধুনিক সা-সুবিধাযুক্ত নৱনিৰ্মিত কেন্দ্ৰ দুটিয়ে স্থানীয় শিশু, গৰ্ভৱতী মহিলা, স্তনপান কৰাই থকা মহিলা আৰু কিশোৰীসকলৰ সুস্বাস্থ্য গঠনত উল্লেখনীয় ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আজিৰ এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৈৰা আৰু বাটকুছিত অমৃত সৰোবৰ প্ৰকল্পস্থলীও পৰিদৰ্শন কৰে। ইয়াৰ পিছতেই তেওঁ এখন সংবাদমেলো সম্বোধন কৰে।

আজিৰ এই কাৰ্যসূচীসমূহত মন্ত্ৰী বৰাৰ সৈতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ৰঙিয়াৰ মহকুমাধিপতি জাবিৰ ৰাহুল সুৰেশৰ লগতে অন্যান্য প্ৰশাসনীয় বিষয়াসকল উপস্থিত আছিল।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.