কামৰূপ জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা জিলা প্ৰশাসন উদ্যোগত দেশভক্তি দিৱস পালন

0 210

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কামৰূপ জিলাতো জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসটি দেশ ভক্তি দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি জিলা প্ৰশাসনৰ সকলো বিষয়া-কৰ্মচাৰী, আমন্ত্ৰিত বক্তা সকলে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছৱিত মল্যাৰ্পণ কৰি স্বাধীনতা সংগ্ৰামী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।

কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে আৰম্ভণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত নিৰ্দ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক খগেন্দ্ৰনাথ তালুকদাৰে দেশভক্ত তৰুণৰাম ফুকনৰ দেশপ্ৰেম আৰু স্বাধীনতা সংগ্ৰামত তেখেতৰ অৱদান শীৰ্ষক বক্তৃতা প্ৰদান কৰি দেশভক্ত তৰুণৰাম ফুকনৰ দেশপ্ৰেম, স্বাধীনতা আন্দোলনত তেখেতৰ অৱদান, সাহিত্যৰ দিশলৈ আগবঢ়োৱা অৱদান ইত্যাদিৰ অৱলোকনেৰে সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেখেতে দেশভক্ত তৰুণৰাম ফুকনক ৰাইজৰ নেতা হিচাপে অভিহিত কৰাৰ লগতে সকলো শ্ৰেণীৰ প্ৰতি থকা তেখেতৰ অনুৰাগৰ বিষয়েও বক্তব্য আগবঢ়ায়। তেখেতে তৰুণৰাম ফুকনক ৰাইজৰ হৃদয়ে হৃদয়ে স্থান লাভ কৰা মহান নেতা বুলিও কয়। বক্তাগৰাকীয়ে লগতে দেশভক্তি দিৱসৰ দিনাখন দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু অৰিহণাৰ বৰ্ণনাৰে পুস্তিকা প্ৰকাশৰ উদ্যোগ লবলৈ কয় যাতে নৱ প্ৰজন্মই এই গৰাকী নেতাৰ বিষয়ে ভালদৰে অৱগত হোৱাৰ উপৰি তেখেতৰ অকৃত্ৰিম দেশ প্ৰেমৰ আদৰ্শৰে উদ্বুদ্ধ হৈ দেশ সেৱাৰ প্ৰৰণা লাভ কৰিব পাৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উত্তৰ গুৱাহাটী সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট সমাজ কৰ্মী, সাংবাদিক মধুসুধন মেধিয়ে স্বাধীনতা সংগ্ৰাম তথা সাহিত্য জগতলৈ দেশভক্ত তৰুণৰাম ফুকনৰ অৱদান শীৰ্ষক বক্তৃতা প্ৰদান কৰি তৰুণৰাম ফুকনৰ সাহিত্যিক অৱদানৰ বিষয়ে ব্যখ্যা আগবঢ়ায়। তেখেতে লগতে কৰ্মবীৰ নৱীন চন্দ্ৰ বৰদলৈৰ উত্তৰ গুৱাহাটীস্থিত সমাধিস্থলত তেখেতৰ মৃত্যু তিথিৰ দিনটোত অনুষ্ঠান আয়োজনৰ উদ্যোগ লবলৈ জিলা প্ৰশাসনক অনুৰোধ জনায়।

আজিৰ এই অনুষ্ঠানত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, অতিৰিক্ত উপায়ুক্ত ক্ৰমে ধ্ৰুৱজ্যোতি দাস, সিদ্ধাৰ্থ গোস্বামী, কমল বৰুৱা, সুজাতা গগৈ, মুনমী কলিতা, সহকাৰী আয়ুক্ত সকলৰ লগতে জিলা প্ৰশাসন তথা অন্যান্য বিভাগীয় বিষয়া-কৰ্মচাৰীৰ তথা জেষ্ঠ স্থানীয় সাংবাদিক সকল উপস্থিত থাকি দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.