ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

0 287

সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱস বৰ্ণিল কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। এই উপলক্ষে ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অলপতে এক প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত সমাগত স্বাধীনতা দিৱস যাতে সুকলমে অনুষ্ঠিত হয়, সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক নিজা নিজা দায়িত্ব সুকলমে পালন কৰিবলৈ মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায়।উল্লেখযোগ্য যে বিগত বছৰবোৰৰ দৰে এইবাৰো ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব। অনুষ্ঠানত অসম আৰক্ষীৰ লগতে সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও দলে তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুচ-কাৱাজ প্ৰদৰ্শন কৰিব। বিগত বছৰত কভিদ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক কাৰ্যসূচীসমূহ বাতিল কৰা হৈছিল যদিও এইবাৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে বিভিন্ন সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, ৰচনা আদি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আনহাতে মহকুমাধিপতিৰ বিশেষ উদ্যোগত ৰঙিয়া মহকুমাৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ মাজত “স্বাধীনতাৰ ৭৫ বছৰত ভাৰতবৰ্ষ” (India@75) শীৰ্ষক এক আন্তঃবিভাগীয় ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। মূল অনুষ্ঠানত প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰাৰ লগতে বিভিন্ন বিভাগৰ পাৰদৰ্শী বিষয়া-কৰ্মচাৰীসকলকো সম্বৰ্দ্ধনা জনোৱা হ’ব। দেশৰ স্বাধীনতাৰ মহাৰজত জয়ন্তী “আজাদী কা অমৃত মহোৎসৱ”ৰ লগতে “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচীৰ অধীনত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ বাবেও মহকুমা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে প্ৰশাসনৰ উদ্যোগত ৰঙিয়া চহৰত এক জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰাৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সুলভ মূল্যৰ দোকানসমূহতো ৰাইজৰ বাবে পৰ্যাপ্তসংখ্যক জাতীয় পতাকা উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া মহকুমা প্ৰশাসনে তিনিদিন পূৰ্বৰেপৰা ৰাইজৰ মাজত বিভিন্ন প্ৰতিযোগিতা তথা সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই অনুষ্ঠানসমূহ ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত হ’ব। আনহাতে স্বাধীনতা দিৱসৰ দিনা বিয়লি মহকুমা প্ৰশাসন একাদশ আৰু ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেলৰো আয়োজন কৰা হৈছে। বিভিন্ন দিশৰ তদাৰকীৰ বাবে কেইবাখনো উপ-সমিতি গঠন কৰি দিয়া হৈছে। স্বাধীনতা দিৱসৰ সমূহ কাৰ্যসূচীত অংশগ্ৰহণৰ লগতে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ বাবে ৰঙিয়া মহকুমাৰ জনসাধাৰণলৈ মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশে বিনম্ৰ আহ্বান জনাইছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.