ৰঙিয়াত ভোগালী বিহু উপলক্ষে প্ৰীতি ভোজন অনুষ্ঠিত

0 153

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজত ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখি আহিছে। সামাজিক পৰম্পৰা অক্ষুন্ন ৰাখি ঐক্যভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে শ্বহীদ কৃষক সকলক স্মৰণৰে আজি কৃষক ছহিদ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত এক ব্যাতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।আজি মাঘৰ প্ৰথম দিনটোত পৰম্পৰাগত ভাবে অনুষ্ঠিত কৰি অহা কাৰ্যসূচীৰ অংশ হিচাপে ভোগালী প্ৰীতি ভোজনৰ আয়োজন কৰা হয় । ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱন প্ৰাংগণত আয়োজন কৰা উক্ত কাৰ্যসূচী উপলক্ষে সমিতিৰ সম্পাদক পবিন কলিতাই সকলকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।আনহাতে তদুপলক্ষে সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনা কৰি উপস্থিত বয়োজেষ্ঠ ব্যক্তিসকলক চিৰা,দৈ, কল, নাৰিকলৰ লাডু,তিল পিঠা, চুঙাপিঠা আদিৰে আপ্যায়ন কৰা হয়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.