ৰঙিয়াত ড্ৰাগছৰ বিৰোধীতাৰে সজাগতা সভা অনুষ্ঠিত

0 171

ৰঙিয়া মহাবিদ্যালয় প্রাক্তন ছাত্ৰ – ছাত্ৰী সমিতিৰ উদ্যোগত তথা ৰঙিয়া সদৰ থানাৰ সহযোগত শনিবাৰে ড্ৰাগছৰ বিৰোধীতাৰে সজাগতা সভা অনুষ্ঠিত হয় ।ৰঙিয়া মহাবিদ্যালয় সভাকক্ষত অনুষ্ঠিত সভাখনত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজ সচেতন লোক উপস্থিত থাকে। ড্ৰাগছ সমাজ তথা মানৱ জীৱনৰ বাবে কিমান হানিকাৰক এই বিষয়ত উপস্থিত লোক সকলৰ মাজত ভাষণৰ যোগেদি বুজাই দিয়া হয় । সভাত ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ, অধ্যক্ষ ড: ব্ৰজেন্দ্ৰ শইকীয়া,সমাজ সেৱিকা জাহ্নৱী গোস্বামী, ৰঙিয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমিতিৰ সভাপতি অনন্ত ডেকা, কাৰ্যকৰী সভাপতি পুলক দাস, সম্পাদক মোহন মাধৱ বর্মনকে ধৰি সভাত উপস্থিত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে বক্তৱ্য দাঙি ধৰে। সভাৰ প্ৰাক মুহূৰ্তত গছপুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.