ৰঙিয়াৰ ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ অন্তৰঙ্গ অনুষ্ঠান

0 194

দেহৰ বাবে যেনেদৰে পুষ্টিকৰ খাদ্য দৰকাৰ , ঠিক তেনেদৰে মানসিক স্বাস্থ্যৰ বাবে সুৰুচিসম্পন্ন সাহিত্যৰ ৰস পান কৰাটো দৰকাৰ ৷ এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুশল্য বিভাগৰ মুৰব্বী অধ্যাপক ডা° মৃণাল ভূঞাৰ ৷ ৰঙিয়াৰ ৰণদিয়া শতদল সাহিত্য সভাৰ এই মাহৰ অন্তৰঙ্গ অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি ডা° ভূঞাই কয় যে শাৰীৰিক , মানসিক, সামাজিক আৰু আৰ্থিক এই চাৰিওটা দিশৰ পৰা সুষ্ঠ হ’লেহে এজন ব্যক্তিক সুষ্ঠ বুলি ক’ব পাৰি ৷ টকা পইচাৰ পিছত দৌৰি থাকোতে আজি বেছিভাগ মানুহে নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য হেৰুৱাব ধৰিছে ৷ প্ৰতিদিনে কমেও এঘণ্টা শাৰীৰিক ব্যায়াম কৰা যিমান দৰকাৰ , ঠিক তেনেদৰে মানসিক স্বাস্থ্য ঠিক ৰাখিবলৈ হ’লে আমি বিভিন্ন ধৰণৰ সকৰাত্মক দৃষ্টিভংগীৰ কিতাপ পঢ়াতোও সমানেই দৰকাৰ ৷ হাইস্কুলীয়া শিক্ষা গ্ৰহণৰ সময়ৰ পৰা এতিয়ালৈ তেখেতে সময় সুযোগ উলিয়াই এনেধৰণৰ কিতাপ পঢ়ে বুলি মনোভাৱ ব্যক্ত কৰে ৷ বেছিভাগ মানুহে মগজুৰ প্ৰায় নিৰানব্বৈ শতাংশ ব্যবহাৰ নকৰাকৈয়ে জীৱন অতিবাহিত কৰি আহিছে ৷ মগজুক যিমানেই জোৰ দিয়া হয় , সিমানেই মগজু কৰ্মক্ষম হৈ উঠে আৰু সি তাৰ কাম কৰা আৰম্ভ কৰি দিয়ে বুলিও মত পোষণ কৰে ডা° ভূঞাই ৷ একেটা অনুষ্ঠানতে অংশগ্ৰহণ কৰি বিশিষ্ট চিকিৎসক তথা অসম সাহিত্য সভাৰ হিতৈষী সভ্য ডা° হিতেন্দ্ৰ কলিতাই কয় যে মানুহ হিচাবে জন্মগ্ৰহণ কৰিছো যিহেতু প্ৰকৃতি আৰু পৰিবেশ সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত জীৱশ্ৰেষ্ঠসকলেই পদক্ষেপ ল’ব লাগিব ৷ এই লৈ তেওঁ নিজেও গছপুলি ৰোপণ কৰি আহিছে আৰু সকলোকে যিমান পাৰি গছপুলি ৰোপণ আৰু তাক সংৰক্ষণৰ বাবে আহ্বান জনায় ৷ সাহিত্যৰ লগত বৈজ্ঞানিক বিশ্লেষণ অন্তৰ্ভুক্ত কৰি সাহিত্যক আৰু অধিক ৰসাল কৰাৰ লগতে সাধাৰণ পাঠকৰ মনত সজাগতা অনাৰ ক্ষেত্ৰতো সাহিত্যিক সকলে চিন্তা কৰা উচিত বুলি ডা° হিতেন্দ্ৰ কলিতাই পৰামৰ্শ দিয়ে ৷ অনুষ্ঠানটিত অংশগ্ৰহণ কৰা আন এজন বিশিষ্ট অতিথি ৰঙিয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক দিনেশ লহকৰে কয় যে সমাজত বহুতো সাহিত্য সাংস্কৃতিক সংগঠন আছে যদিও ৰণ্‌দিয়া সাহিত্য সভাই কৰি অহা কাম কাজবোৰে সমাজৰ সকলো সমাজসংপৃক্ত ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে আৰু ব্যক্তিক্ৰমী কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে অসম সাহিত্য সভাক গণমুখীকৰণত প্ৰভুত বৰঙনি যোগাই থকা কাৰ্য্যই তেখেতৰ দৰে বহুতকে সাহিত্য সভাৰ প্ৰতি আকৃষ্ট কৰিছে ৷ কথা প্ৰসংগত তেখেতে ৰঙিয়াৰ প্ৰায় ১৪ মাইল দৈৰ্ঘ্যৰ ঐতিহাসিক আৰিমত্ত গড়টো সংৰক্ষণৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে এই ক্ষেত্ৰত ৰণ্‌দিয়া সাহিত্য সভাই এটি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি গড়টো সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনায় ৷
ৰঙিয়াৰ স্বস্তি হস্পিতালৰ বাতানুকূল সভাকক্ষত অনুস্থিত আৰু সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অতি মনোগ্ৰাহী অনুষ্ঠানটিত বিশিষ্ট অতিথি ডা° মৃণাল ভূঞাক প্ৰতীক সম্বলিত গামোচা, মানপত্ৰ , মুখপত্ৰ “ৰণ্‌দিয়া” আৰু আনকেইজন অতিথিক গামোচাৰ লগতে মুখপত্ৰ “ৰণ্‌দিয়া” অৰ্পণ কৰি সম্বৰ্দ্ধনা জনাই ৰণ্‌দিয়া সাহিত্য সভাৰ সভ্যসকলে ৷ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে শাখাটিৰ সভাপতি প্ৰতুল ভূঞা, উপসভাপতি জয়ন্ত জিত কলিতা, সহ সম্পাদক মুকেশ লহকৰ, পত্ৰিকা সম্পাদক উজ্জ্বল ডেকা , অভিনেতা পৰিচালক তথা সাংস্কৃতিক কৰ্মী পংকজ পল্লৱ শৰ্মা , পাৰ্থ প্ৰতীম শৰ্মা , যোগাচাৰ্য্য জ্যোতিষ কলিতা , জেষ্ঠ্য সাংবাদিক ফাৰুক হুছেইন, নছিউৰ ৰহমান , অধিবক্তা তথা সাংবাদিক চৈয়দ মোস্তাফা আহমেদ, সমাজকৰ্মী দুলু ভূঞা, বিষয় শিক্ষক মুকুল ভূঞা , শিক্ষয়িত্ৰী মামনি লহকৰ , বিমলা দেৱী , সবিতা মজুমদাৰ, সমাজসেৱীকা সুৰভি লহকৰ , আজীৱন সভ্য কৰেন্দ্ৰ কলিতা, ভাস্কৰ কলিতা আৰু বহুকেইজন সাহিত্যানুৰাগীয়ে ৷অনুষ্ঠানটিত বহুকেইজন সভ্যক অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হয় ৷

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.