ৰঙিয়া ‘বি’ ডিভিজন ফুটবল লীগ – মধুকুছি সংস্কাৰ সংঘৰ অগ্ৰগতি

0 222

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত চলি থকা ‘ বি’ ডিভিজন ফুটবল লীগৰ আজিৰ খেলত মধুকুছি সংস্কাৰ সংঘই ৰঙিয়া বৰলীয়া ক্লাৱক ২ —১ গ’লত পৰাস্ত কৰি তিনি পইন্ট লাভ কৰে। আজিৰ উত্তেজনাপূৰ্ণ খেলখনত বৰলীয়া ক্লাৱৰ খেলুৱৈ সকলে গ’ল পৰিশোধ কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰিও যদিও অৱশেষত বিফল হয়। খেলখন পৰিচালনা কৰে ৰেফাৰী হাৰেজুৰ ৰহমান, দিপক বুজৰবৰুৱা, জয়ন্ত মাধৱ দাস আৰু পহৰেদ আলী আহমেদে। কাইলৈ খেলত জাপিয়া এফ চিয়ে ৰঙিয়া এফ চিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব ।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.