ৰঞ্জিত হাজৰিকাৰ ভিন্নসুৰী গ্ৰন্থ শত জীৱন কত কথা উন্মোচন

0 134

গুৱাহাটী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দৈনিক অসমৰ বাৰ্তা সম্পাদক, লেখক ৰঞ্জিত হাজৰিকাৰ “শত জীৱন কত কথা” নামৰ এখন ভিন্নসুৰী গ্ৰন্থ উন্মোচন কৰা হয়৷ গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰী, বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, বিশিষ্ট শিক্ষাবিদ, দৈনিক অসমৰ সম্পাদক ড° হিতেশ ডেকা আৰু বিশিষ্ট সাংবাদিক-গল্পকাৰ তথা চিত্ৰ সমালোচক বিতোপন বৰবৰাই৷উন্মোচনী ভাষণত ড° অমৰজ্যোতি চৌধুৰীয়ে লেখকৰ দৃষ্টিভংগীক অসাধাৰণ বুলি অভিহিত কৰি শত জীৱন কত কথাত সাধাৰণ মানুহৰ জীৱন, আৱেগ আৰু আশা-আকাংক্ষাৰ প্ৰতিফলন ঘটা বুলি মন্তব্য কৰে৷ তদুপৰি গ্ৰন্থখনত সামাজিক সম্প্ৰীতিৰ এখন ছবিও মূৰ্তমান হোৱা বুলি মত প্ৰকাশ কৰি তেওঁ সাম্প্ৰতিক কালৰ সাংবাদিকতায়ো এনেবোৰ বিষয় সামৰি লোৱা উচিত বুলি পৰামৰ্শ আগবঢ়ায়৷
আন এগৰাকী উন্মোচক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে আজিকালি বহু লেখকে বাস্তৱ জগতৰ লগত একাত্ম নোহোৱাকৈয়ে বাস্তৱৰ কথা লিখে বুলি খেদ প্ৰকাশ কৰি কয় যে সমাজ আৰু মানুহক লৈ ৰচনা কৰা “শত জীৱন কত কথা”ই পাঠকক জীৱনৰ কিছুমান অনুদঘাটিত ৰং-ৰূপৰ সৈতে পৰিচিত কৰিব বুলি আশা কৰা যায়৷ তেওঁ কয় যে সদায় দেখি থকা কিছুমান চৰিত্ৰ আৰু দৃশ্যপটক লৈ ৰচনা কৰা গ্ৰন্থখনে পাঠকৰ হৃদয়ক স্পৰ্শ কৰি যায়৷ দুৰন্ত ৰচনাশৈলীয়ে গ্ৰন্থখনক অভিনৱ ৰূপ দিয়া বুলিও তেওঁ মত প্ৰকাশ কৰে৷ প্ৰসংগক্ৰমে তেওঁ কয় যে কেৱল অসমীয়া আখৰ আৰু ভাষাকে ভাল সাহিত্য বুলিব নোৱাৰি৷তেনে সাহিত্যত অসমীয়া মনন আৰু অনুভূতিও মিহলি হৈ থাকিলেহে সি ৰসোত্তীৰ্ণ সাহিত্য হ’ব পাৰে৷ এই ক্ষেত্ৰত তেওঁ হাজৰিকাৰ গ্ৰন্থখনৰ উপস্থাপন শৈলীক উচ্চ প্ৰশংসা কৰে৷
অনুষ্ঠানত আগবঢ়োৱা ভাষণত ড° হিতেশ ডেকাই মাতৃভাষাৰ প্ৰতি সমাজৰ এটা চামৰ অনীহাত ক্ষোভ প্ৰকাশ কৰি কয়, “আমি অসমীয়া ভাষাত কিতাপ লিখি আছোঁ৷ কিন্তু সেই কিতাপ আমাৰ সতি-সন্ততিয়ে পঢ়িব পাৰেনে? অথবা আমি নিজৰ সন্তানক মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিবলৈ চেষ্টা কৰিছোঁনে? আমি নিজকে এনে প্ৰশ্ন কৰাৰ সময় আহি পৰিছে৷” এই প্ৰসংগতে “অসমীয়া ভাষা-সাহিত্য ৰক্ষাৰ দায়িত্ব কেৱল চৰাঞ্চলৰ লোকসকলৰহে নেকি” বুলিও ড° ডেকাই মন্তব্য কৰে৷ ৰঞ্জিত হাজৰিকাৰ গ্ৰন্থখনৰ প্ৰসংগত তেওঁ কয় যে সাধাৰণ মানুহৰ চৰিত্ৰইহে সমাজখনক ধৰি ৰাখে৷আনহাতে উন্মোচিত গ্ৰন্থখনৰ বিষয়ে বক্তব্য আগবঢ়াই বিতোপন বৰবৰাই লেখকৰ অন্তৰ্দৃষ্টিৰ শলাগ লয়৷ প্ৰাঞ্জল ভাষা আৰু অনন্য প্ৰকাশভংগীয়ে গ্ৰন্থখনক সুখপাঠ্য কৰি তোলা বুলি তেওঁ মত প্ৰকাশ কৰে৷
অনুষ্ঠানত উপস্থিত থকা আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই নিজৰ জীৱনৰ কেতবোৰ সৰু সৰু ঘটনাৰ ৰসাল বৰ্ণনাৰে পৰিৱেশ জীপাল কৰি তোলে৷ সুধাকণ্ঠৰপৰা হোমেন বৰগোহাঞি আৰু হীৰেন ভট্টাচাৰ্যলৈ বিভিন্নজনৰ সান্নিধ্যৰ সৰু সৰু স্মৃতিৰ কিছুমান খণ্ডচিত্ৰ ৰসাল ৰূপত উপস্থাপন কৰে বিশিষ্ট সাংবাদিক শৰ্মাই৷ অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশনৰ ড° অমৃত কুমাৰ উপাধ্যায় আৰু লেখক ৰঞ্জিত হাজৰিকায়ো দুআষাৰ কয়৷ ভাষণ প্ৰসংগত লেখক হাজৰিকাই কয়, “সাধাৰণ মানুহেহে মোক আকৰ্ষণ কৰে৷ অসাধাৰণ মানুহৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ নাই৷” প্ৰকাশক ড° উপাধ্যায়ৰ মতে জীৱন আৰু সমাজৰ সৰু সৰু দিশসমূহক লৈ লেখকৰ কৌশলী গদ্যশিল্পই বৃহৎ সংখ্যক পাঠকক আকৰ্ষিত কৰি আহিছে৷
আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে ময়ূৰী দত্তই৷ আনহাতে, “শত জীৱন কত কথা”ৰ প্ৰথমটো কপী আনুষ্ঠানিকভাৱে ক্ৰয় কৰে বিশিষ্ট লেখক শান্তনু কৌশিক বৰুৱাই৷

Leave A Reply

Your email address will not be published.