ৰন্ধন খাদ্য সামগ্ৰী প্ৰদৰ্শনৰ প্ৰতিযোগিতা সম্পন্ন

0 325

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত পলাশবাৰী সাহিত্য সভাৰ সাহিত্য ভৱনৰ প্ৰেক্ষাগৃত আজি কিড বেদা, মিৰ্জাৰ উদ্যোগত বাৰ্ষিক অভিভাৱক সন্মিলন আৰু প্ৰতিযোগিতামূলক ৰন্ধন খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰা হয়। অভিভাৱকসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়। ক্ৰিয়েটিভ ডেণ্স এণ্ড ফিটনেচ ষ্টুডিঅ’ৰ দ্বাৰা নৃত্য, কণ কণ ছাত্ৰ-ছাত্ৰীসকলে লগতে অভিভাৱকসকলেও গীত, কবিতা, নৃত্য আদি পৰিবেশন কৰে। অনুষ্ঠানত অভিভাৱিকাসকলে ঘৰতে নিজ হাতে প্ৰস্তুত কৰি অনা থলুৱা খাদ্যৰ এখন প্ৰদৰ্শনী খাদ্য মেলা অনুষ্ঠিত হয়। উক্ত প্ৰদৰ্শনীত প্ৰথম জ্যোৎস্না দাস, দ্বিতীয় সবিতা কলিতা আৰু তৃতীয় স্থান অধিকাৰ কৰে অৰ্চনা ডেকাই। কিড বেদা, মিৰ্জাৰ অধ্যক্ষা নীলাক্ষী হালৈ আতধৰা ধৰি কয় যে, কণ কণ ছাত্ৰ-ছাত্ৰীসকল ভৱিষ্যতে যেন একো একোজন সুনাগৰিক হয় তাৰ বাবে অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দায়িত্ব বুলি কৈ ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল ভৱিষ্যত কামনা কৰে।

Leave A Reply

Your email address will not be published.