ৰবৰ খেতিৰে স্বাৱলম্বী হৈছে এজন উদ্যমীয়ে

0 255

মনত উদ্যম থাকিলে আৰু চিন্তা ব্যতিক্ৰম হ’লে কঠিন কামো সহজে সম্পাদন কৰিব পাৰি। এই কথাষাৰকে প্ৰমাণ কৰি দেখুৱালে ডিব্ৰুগড়ৰ এজন ব্যক্তিয়ে। সাধাৰণতে ডিব্ৰুগড় চহৰখন চাহৰ বাবে বিখ্যাত। এই কথা বিশ্বজুৰি বিদ্যমান।
কিন্তু এই ডিব্ৰুগড় চহৰতেই ব্যতিক্ৰমী ধৰণেৰে ৰবৰ খেতি কৰি স্বাৱলম্বীতাৰ জয়গান ৰচিছে চবুৱাৰ এজন উদ্যমীয়ে। উদ্যমীজনৰ নাম বিজয় বৰুৱা। ডিব্ৰুগড়ৰ চাবুৱাৰ প্ৰথমজন ৰবৰ খেতিয়ক । তেওঁ প্ৰতি কিলোগ্ৰাম ৰবৰৰ পৰা ১৫০ টকাৰ পৰা ১৯০ টকা পৰ্যন্ত লাভ কৰে। এই ৰবৰ খেতিৰ জৰিয়তে বিজয় বৰুৱাই বছৰি ৯লাখ টকাৰ উপাৰ্জন কৰে। উল্লেখযোগ্য যে বৰুৱাই ৮বিঘা মাটি ৰবৰ খেতি কৰিছে। এই কৰ্মই আন দহজনকো অনুপ্ৰাণিত কৰি তুলিছে।

Leave A Reply

Your email address will not be published.