ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ

0 139

নতুন দিল্লীৰ ভাৰত মণ্ডপমত উত্তৰ-পূৱ উন্নয়ন মন্ত্ৰালয়ে দুদিনীয়াকৈ আয়োজন কৰা ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় দিনাৰ কাৰ্য্যসূচীৰ এক আলোচনা সত্ৰত উত্তৰ পূৱৰ বৰ্ণাঢ্য বস্ত্ৰ শিল্পৰ পৰা আৰম্ভ কৰি চাহ,নেমুটেঙাৰ ৰপ্তানিলৈ বিষয় সমূহে স্হান লাভ কৰে।
এই আলোচনা সত্ৰত ভাষণ প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই অসমত থলুৱা ভাৱে নিৰ্মিত কাঁহৰ বাচন বৰ্তনত জিআই টেগ সংযোজনৰ ফলত ইয়াৰ ৰপ্তানি বাণিজ্যৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে । অসমৰ অৰ্থনৈতিক বিকাশৰ ছবিখন দাঙি ধৰি চাহ পাতৰ লগতে নেমুটেঙা লণ্ডনলৈ ৰপ্তানি হোৱাৰ বিষয়ে ব্যক্ত কৰি অসমৰ কৃষিজাত দ্ৰব্যৰ পৰা আৰম্ভ কৰি বস্ত্ৰ খণ্ডলৈ ৰপ্তানি বাণিজ্যৰ সম্ভাৱনীয়তাৰ এক ৰূপৰেখা উদ্যোগ মন্ত্রী গৰাকীয়ে ভাষণত প্ৰতিফলিত কৰে।
অনুস্হানত কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ শিল্প দপ্তৰৰ ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই অসম তথা সমগ্ৰ উত্তৰ পূৱৰ থলুৱা হাতে বোৱা বস্ত্ৰ শিল্পৰ চহকী পৰম্পৰাৰ কথা উল্লেখ কৰি ৰপ্তানি বাণিজ্যৰ দিশত ইমাম সম্ভাৱনীয়তাৰ কথা ভাষণত ব্যক্ত কৰে।এই আলোচনা সত্ৰত অসমৰ চাহ উদ্যোগী প্ৰভাত বেজবৰুৱাই সাম্প্ৰতিক চাহ উদ্যোগৰ এক ছবি দাঙি ধৰি ৰপ্তানিৰ সন্দৰ্ভত কিছু কথা প্ৰকাশ কৰে। এই আলোচনাত কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্য মন্ত্রী জিতিনও প্ৰসাদে অংশ গ্ৰহণ কৰে।উল্লেখ্য যে দুদিনীয়া ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনত অংশ গ্ৰহণ কৰি উদ্যোগ মন্ত্রী বিমল বড়াই কেবাগৰাকীও কেন্দ্রীয় মন্ত্রীৰ লগতে দেশ বিদেশৰ বহু বিনিয়োগকাৰীৰ সৈতে কেবাখনো বৈঠকত মিলিত হয়।

Leave A Reply

Your email address will not be published.