ৰাইজে মিলি পথ নিৰ্মাণ কৰিলে

0 260

সোণাৰি পৌৰ এলেকাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ একাংশ বাসিন্দাই লকডাউনৰ মাজতে নিজৰ গাঁঠিৰ ধন ভাঙি শ্ৰমদানেৰে নির্মাণ কৰি উলিয়ালে এটা পথ। উল্লেখযোগ্য যে ভজো চাৰিআলি – পাৰ্বতিপুৰ সংযোগী পথটোৰ উপ পথটোৰ কৰ দাতা সকলে দীৰ্ঘদিন ধৰি যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল।
 
 
 
পথটোৰ কাষত পৌৰ সভাই বিজ্ঞানসন্মত ভাৱে নলা নির্মাণ নকৰাৰ বাবে সামান্য এজাক বৰষুণ দিলেই পথটো পানীৰে উপচি পৰি চুবুৰীটোত এক বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। চুবুৰীটোৰ ৰাইজে বৰষুণৰ পানী ওলাই যাব পৰাকৈ নলা নিৰ্মাণ কৰাৰ লগতে পথটো নিৰ্মাণ কৰোৱাই দিবলৈ সোণাৰি পৌৰসভাক দীৰ্ঘদিন ধৰি আবেদন নিবেদন কৰি আহিছিল যদিও পৌৰসভাৰ তৰফৰ পৰা সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত সামান্যতম ব্যৱস্থা গ্ৰহণ নকৰাত নৰক যন্ত্ৰণা ভোগ কৰি যাতায়ত কৰিব লগা হৈছিল স্থানীয় ৰাইজে। উপায়ন্তৰ হৈ চুবুৰীটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মাটি, ভঙা ইটা আদি ক্ৰয় কৰি আনি শ্ৰমদান কৰি এদিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়ালে প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ পথটো।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.