টীম অসম হিচাপে কাম কৰাৰ বাবে স্বাস্থ্য, পৰিবহন,আৰক্ষী আৰু জিলা প্ৰশাসনক প্ৰশংসা স্বাস্থ্যমন্ত্ৰীৰ

0 251

দেশৰ আন আন ৰাজ্যৰ পৰা বিমানৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:জাৰ্তিক বিমান বন্দৰত অহা যাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত বহুখিনি বৃদ্ধি পোৱা বিষয়টোৱে বিপাঙত পেলাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগক। যাৰবাবে বিমান বন্দৰত যাত্ৰীৰ সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি স্বাস্থ্য বিধি সমূহ সূচাৰুপে পালন কৰা বিষয়টোত জটিলতাৰ সৃষ্টি হৈছে।
 
 
এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বিয়লি বৰঝাৰ বিমান বন্দৰত বাহিৰৰ পৰি অহা যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰু পৰিবহন ব্যৱস্থাৰ বুজ লৈ সাংবাদিকৰে হোৱা চমু বাৰ্তালাপত এই মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই কয় যে, যোৱা ২৫ মে’ত বিমান চলাচল আৰম্ভ হোৱাৰ সময়ত প্ৰথমাৱস্থাত যাত্ৰীৰ সংখ্যা ৮০০ ৰপৰা ১,২০০ ৰ ভিতৰত আছিল। কিন্ত পৰৱৰ্তী সময়ত বাহিৰৰ পৰা অহা যাত্ৰীৰ সংখ্যা দৈনিক গড় হিচাপত ২,২০০ জনলৈ বৃদ্ধি পায়। ফলত স্বাস্থ্য পৰীক্ষাৰ লগতে বিমান বন্দৰত সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
 
স্বাস্থ্য বিভাগৰ লগতে পৰিবহন বিভাগ, অসম ৰাজ্যিক পৰিবহন নিগম (এ.এছ.টি.চি) আৰক্ষী, জিলা প্ৰশাসনকে ধৰি সংলিষ্ট সকলোৱে ‘টিম অসম’ দৰে কাম কৰা বাবে বিমান বন্দৰত বিশৃংখল পৰিবেশৰ সৃষ্টি হোৱা নাই। অৱশ্যে বিমানত বাহিৰৰ পৰা অহা ৩০০ যাত্ৰীৰ ভিতৰত প্ৰায় গঢ় হিচাপত ২০ জনৰ দেহত পজিটিভ পোৱা গৈছে বুলি সদৰি কৰে।
 
 
স্বাস্থ্যমন্ত্ৰী শৰ্মাই বৰঝাৰ বিমান বন্দৰৰ লগতে হোটেল কিৰনশ্ৰী পৰিদৰ্শনৰ সময়ছোৱাত স্বাস্থ্য বিভাগৰ সচিব অনুৰাগ গোৱেল, আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰা, কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাস, এ.এচ.টি.চিৰ আস্থান অধ্যক্ষ বিকাশ পাচোৱান, বৰঝাৰ বিমান বন্দৰৰ সঞ্চাৰক ৰাকেশ কুমাৰ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.