কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনালে সাংসদ গৌৰৱ গগৈয়ে

0 224

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বটদ্ৰৱা সমষ্টিৰ একাংশ কৃতি ছাত্র ছাত্রীক আজি অভিনন্দন জনাই কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে । দলংঘাট মণ্ডল কংগ্ৰেছৰ উদ্যোগত জাজৰি বেলতলত অনুষ্ঠিত আনুষ্ঠানিক সভাখনত মণ্ডলটোৰ অন্তৰ্গত আটাইকেইটা পঞ্চায়তৰ কৃতি ছাত্র ছাত্রীক মাক্স, চেনিটাইজাৰ, গামোছা, জাপি আদিৰে অভিনন্দন জনায়।
 
 
কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৰাকীক সংগ দিয়ে প্ৰাক্তন মন্ত্রীদ্বয় ৰকিবুল হুছেইন, গৌতম বৰা আৰু কংগ্ৰেছ নেত্রী শিৱামনি বৰাই। সাংসদ গৰাকীয়ে অভিনন্দন জনাই কয় ছাত্র ছাত্রী সকল বৰ্তমান প্ৰযুক্তিৰ মাধ্যমেৰে আগবাঢ়িব লাগিব। মহামাৰী কৰ’ণা ভাইৰাছৰ ভয়াবহতা আৰু সাৱধানতা সম্পৰ্কতো সাংসদ গগৈয়ে কৃতীমান সকলক সজাগ থাকিবলৈ আহ্বান জনায়।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.