কন্যকা ফাৰ্ম পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

0 257

কৃষিখণ্ডৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰে এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। আজি শোণিতপুুৰ জিলাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ় লৈ উঠা কন্যকা বহুমুখী পাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
 
সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ দ্বাৰা ৰূপায়িত দুখন জলসিঞ্চন প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে মৎস্য পালকসকলৰ মাজত মাছৰ পোনা বিতৰণ কৰাৰ লগতে পামখনত নিৰ্মাণ কৰা নতুন গোশালা এখনো উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি পুৱাৰ ভাগত কন্যকা পামৰ অধীনত স্থানীয় উদ্যোগী যুৱকসকলৰ জৰিয়তে কৃষি কৰ্মৰ বাবে সাজু কৰা চকীঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে ট্ৰেক্টৰেৰে হাল বাই মাটি চহায়। ৰাজ্য চৰকাৰে আৱণ্টন জনোৱা এই কৃষিভূমিৰ পৰিমাণ প্ৰায় ৭০০বিঘা। এই ৭০০বিঘা কৃষিভূমিৰ মাটি চহোৱাৰ বাবে ব্যৱহৃত হয় ১২৫খন ট্ৰেক্টৰৰ।
উল্লেখযোগ্য যে কন্যকা বহুমুখী পামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উদ্বোধন কৰা সৌৰশক্তি চালিত ভৰলী চাপৰি গভীৰ নলী নাদ আচনিখন তেজপুৰ সংমণ্ডলৰ জৰিয়তে ৬০লাখ টকা ব্যয়ৰে ৰূপায়ন কৰা হৈছে। কন্যকা বহুমুখী পামত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে প্ৰথমতে তাত থকা সকলো কামৰে বুজ লয়। সমগ্ৰ পৰিস্থিতিৰে বুজ লোৱাৰ পিছত মুখ্যমন্ত্ৰী সোণোৱালে তাত উপস্থিত থকা সাংবাদিকৰ সৈতে মত বিনিময় কৰে।
 
সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত তেখেতে কয় যে কন্যকা বহুমুখী পামে ৰাজ্যৰ কৃষিখণ্ডৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে পৰিৱৰ্তন অনাৰ লগতে ৰাজ্যৰ কৃষিক্ষেত্ৰত বহুখিনি সফলতাৰ সৃষ্টি কৰিব। এই পামখনে অঞ্চলটোৰ যুৱক যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰত যথেষ্টখিনি সংস্থাপন প্ৰদান কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ যি সপোন সেয়াও কৃষিকৰ্মৰ উন্নয়নৰ জৰিয়তে পূৰ্ণ হ’ব বুলি মন্তব্য কৰে । নতুন উদ্ভাৱনী শক্তিৰে যদি সকলোৱে নিজকে সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰে তেতিয়াহ’লে অসমখন শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰিত হ’ব বুলি  কয়।
আনহাতে আজি পুৱাৰ ভাগতে মুখ্যমন্ত্ৰী সোণোৱালে জিলাখনৰ চাৰিদুৱাৰ গড়মাৰা গাৱত উপস্থিত হৈ পশুধন পামৰ পৰিদৰ্শন কৰে। সমান্তৰালভাৱে ইয়াৰে সকলো কাম কাজৰে বুজ লৈ সকলোৰে সৈতে মত বিনিময় কৰে। আনহাতে জিলাখনৰ বৰপুখুৰী কৃষি পামত উপস্থিত হৈ পামখনৰ অধীনস্থ গোশালা এখনো পৰিদৰ্শন কৰে। তদুপৰি আজি জামুগুৰিহাটৰ নৱনিৰ্মিত ন দুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ৰ ভৱন উদ্বোধন কৰে।

Leave A Reply

Your email address will not be published.