ৰাইজৰ দলৰ প্ৰশংসনীয় পদক্ষেপ-জিৰ’ টিলেজ পদ্ধতিৰে আলু খেতিৰ শুভাৰম্ভ কৰিলে টীয়কত

0 276

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৃষ্ঠপোষকতা তথা বহু কেইটা জাতীয় সংগঠন সহযোগত অসমত নতুন কৈ জন্মলাভ কৰা ৰাইজৰ দলে টীয়কৰ পথাৰত ‘পথাৰ আমাৰ বজাৰ আমাৰ’ লক্ষ্যৰে এক নতুন পদ্ধতিৰে আলু খেতি কৰিবলৈ আৰম্ভ কৰিছে।
সংকল্প মাথো এটাই, পথাৰ আৰু বজাৰ নিজৰ দখলত ৰখাৰ।সেই উদেশ্যেৰে ৰাইজৰ দলৰ উদ্যোগত টীয়কৰ দুলিয়া গাঁৱৰ কৃষক কমল শইকীয়া আৰু ৰমেন হাজৰিকাৰ সহযোগত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে অভিজ্ঞ ব্যক্তিৰ তত্বাৱধানত জিৰ’ টিলেজ পদ্ধতিৰে কেবাবিঘা কৃষিভূমিত কৰিবলৈ লৈছে আলু খেতি। প্ৰথম অৱস্থাত তিনি বিঘা মাটিত শুভাৰম্ভ কৰা এই খেতি সমগ্ৰ জিলাখনৰ প্ৰায় ৫০ বিঘা মাটিত কৰিবলৈ মনস্থ কৰিছে।
উল্লেখযোগ্য যে পথাৰত কোনো ধৰণৰ হাল কোৰ নাবায় এই পদ্ধতিৰ বাবে অতি সহজে ধান কটাৰ পাছতে শুকান নৰা আৰু পচন সাৰ ব্যৱহাৰ কৰি আলু খেতি কৰিব পাৰিব কৃষকসকলে।ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক ত্ৰিদীপ দত্তই কৃষকসকল স্বাৱলম্বী হ’লেহে ৰাইজৰ দলৰ আশা পূৰ্ণ হ’ব আৰু কেৱল কথাৰ ফুলজাৰী মাৰি থকাত কৈ হাতে কামে কৃষি কৰ্ম কৰি নিজৰ লগতে দেশৰ অৰ্থনীতি উন্নতিত কৃষক সকলে সহযোগিতা আগবঢ়াব পাৰিলেহে দেশৰ প্ৰকৃত উন্নয়ন হ’ব বুলি মন্তব্য আগবঢ়াইছে ।
লগতে জিৰ’ টিলেজ পদ্ধতিৰে আলু খেতি কৰিবলৈ ইচ্ছা কৰা কৃষকসকলে ৰাইজৰ দলৰ সদস্য সকলক যোগাযোগ কৰি স্বাৱলম্বীতাৰ পথ সুগম কৰিবলৈ অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.