ৰাইজৰ বাবে মুকলি কৰা হ’ল লীলাবায়ে কৈছিল শীৰ্ষক গীতটিৰ ভিডিঅ’

0 336

আজি দিনৰ ১ বজাত গুৱাহাটীত সম্পন্ন হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত “নন্দিনী” আলোচনীৰ সম্পাদক,সুসাহিত্যিক মাইনী মহন্তই গীতিকাৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মানসী বায়নে ৰচনা কৰা আৰু শিশু শিল্পী প্ৰিয়দৰ্শন ডেকাই কণ্ঠ নিগৰোৱা লীলাবায়ে কৈছিল শীৰ্ষক গীতটিৰ ভিডিঅ’টিৰ শুভ উন্মোচন কৰে৷
চাৰে পাঁচ বছৰ বয়সৰ পৰাই এণ্ড টিভি,জি টিভি,ছনী টিভিযোগে সম্প্ৰচাৰিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীতৰ ৰিয়েলিটি শ্ব’ত কেবাবাৰো সংগীত পৰিবেশন কৰি বিচাৰক তথা শ্ৰোতা ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ বাদ্যযন্ত্ৰী শিল্পী ব্ৰজেন কুমাৰ ডেকা আৰু মৰমী ডেকাৰ সন্তান প্ৰিয়দৰ্শনে কণ্ঠদান কৰা “লীলাবায়ে কৈছিল” গীতটিৰ সংগীত পৰিচালনা আৰু সুৰ সংৰচনা দেৱজিৎ চৌধুৰীৰ৷গল্ডি প্ৰডাকচনৰ বেনাৰত বি কে ডি আৰু লিপিকা শৰ্মাই প্ৰযোজনা কৰা ,ষ্টুডিঅ’ ড্ৰিমছত বাণীবদ্ধ কৰা তথা তপন দাসৰ সংগীত ব্যৱস্থাপনা আৰু পৃথিৱীৰাজৰ চিনেমাটোগ্ৰাফীৰ ভিডিঅ’ গীতটিত অভিনয় কৰিছে স্নিগ্ধা গগৈ ,ৰিচ্‌টিনা শৰ্মাৰ লগতে কেইবাগৰাকীও অভিনয় শিল্পীয়ে৷ ভিডিঅ’টিৰ কৰিঅ’গ্ৰাফী বিমল বৰাৰ৷আগ্ৰহী কলামোদী ৰাইজে ইউটিউবৰ PRIYADARSHAN DEKA OFFICIAL LIABAIE KOISIL যোগে ভিডিঅ’ গীতটি উপভোগ কৰিব পাৰিব৷সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা এই অনুষ্ঠানটিত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত,জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন,সমাজকৰ্মী,প্ৰযোজক ভৃগু কুমাৰ দত্ত,অভিনেত্ৰী স্নিগ্ধা গগৈ, প্ৰযোজক মুজিবুৰ ৰহমান আদি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.