ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়া,অসমৰ ৰাজ্যপালৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা স্বপ্না দত্ত ডেকাই ব্যস্ততাৰ মাজতো নাটক ৰচনা,গল্প,উপন্যাস আদিৰ দৰে সৃষ্টিশীল লেখনিৰ জৰিয়তে সাহিত্য,সংস্কৃতিৰ জগতলৈ নীৰৱে সেৱা আগবঢ়াই আহিছে।শেহতীয়া সুলেখিকা স্বপ্না দত্ত ডেকাই ৰচনা কৰিছে নাৰ্চিছিজম নামৰ এখন তত্ত্বগধুৰ গ্ৰন্থ।১৯ নৱেম্বৰত অসমৰ ৰাজ্যপাল গোলাব চান্দ কটাৰীয়াক ৰাজভৱনত স্বপ্না দত্ত ডেকাই নাৰ্চিচিজমৰ প্রথম কপিটো প্ৰদান কৰে। আনহাতে গ্ৰন্থখনৰ কপীটো গ্রহণ কৰি ৰাজ্যপাল গৰাকীয়ে লেখিকা ডেকাৰ অধ্যয়ন আৰু লেখাৰ বাবে উচ্চ প্রশংসা কৰে আৰু আগলৈকে এনে ধৰণৰ সৃষ্টিশীল লেখনিৰ জৰিয়তে পাঠক ৰাইজক সাহিত্যৰ সোৱাদ দিবলৈ অনুপ্ৰেৰণা যোগায়।উল্লেখ্য যে নার্চিছিজম বিষয়ত অসমীয়া ভাষাত এইখনেই প্রথম গ্ৰন্থ। পূৰ্বায়ন প্রকাশনৰ সহযোগত ইউ ডি ফাউণ্ডেচনে প্ৰকাশ কৰা এই অভিনৱ বিষয়ৰ গ্রন্থখনৰ ছপাবন্ধা সকলো অগতানুগতিক হোৱা বাবেই পাঠকৰ দৃষ্টি আকর্ষণ কৰিব বুলি আশা কৰা হৈছে।ইউ ডি ফাউণ্ডেচনৰ উৎপল দত্তই কয় যে গ্ৰন্থখনৰ অংগসজ্জাৰ ক্ষেত্ৰত বিষয়বস্তু, আৰামদায়ক পাঠৰ সুবিধা আৰু মুদ্ৰনৰ নন্দনতত্বৰ কথা যথেষ্ট মনোযোগেৰে চোৱা হৈছে আৰু এই কাম সম্পূর্ণ কৰিছে ডঃ সঞ্জীৱ বৰাই।লেখিকাৰ জীয়ৰী বর্ণা ডেকাই অকা ছবিও গ্ৰন্থৰ অংগসজ্জাত ব্যৱহাৰ কৰা হৈছে। নাৰ্চিছিজমৰ দৰে জটিল বিষয় এটাক সহজভাৱে ফুটাই তোলা হৈছে আৰু বিষয়টোক কেন্দ্রবিন্দুত লৈ ৰচনা কৰা কবিতা কেইটামানো গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে।এই সন্দৰ্ভত লেখিকা স্বপ্না দত্ত ডেকাই নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয়-নিজৰ বিদ্যায়তনিক পৰিধিৰ নোহোৱা বিষয় এটা কেৱল নিজৰ আগ্ৰহত পঢ়াত বাধা নাই যদিও গৱেষণা পৰ্যায়লৈ গৈ এখন কিতাপ লিখিবলৈ সাহ কৰাটোক নিশ্চয় মৰ সাহ বুলিয়েই কয়। মোৰ কেবাখনো গ্ৰন্থ আগতেও প্ৰকাশ পাইছে যদিও এইখনে যি আনন্দ দিছে, সেয়া বাকী কেইখনৰ সৈতে তুলনা নহয়। পাঠক ৰাইজে যাতে গ্ৰন্থখন আদৰি লৈ কিবা যদি ভূল – ত্ৰুটি আছে তাক আঙুলিয়াই দিবলৈ লেখিকা স্বপ্না দত্ত ডেকাই তাৰ বাবে আহ্বান জনায়।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme