ৰাজ্যখনত ভাঙিবলৈ আৰম্ভ কৰা মথাউৰিত জৰুৰীভাৱে প্ৰতিৰোধৰ কাম কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 174

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কমলপুৰ, বৰমা আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ কেইবাটাও স্থানত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজৰ খবৰ লয়। পুৱাতে মন্ত্ৰীগৰাকীয়ে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ সৈতে কলাজল আৰু সুকলাই নদীৰ পানীয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ লয় আৰু বানত আক্ৰান্তসকলে যাতে প্ৰশাসনৰ ফালৰ পৰা সকলো ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় সেয়া সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । প্ৰয়োজন সাপেক্ষে বানাক্ৰান্তসকলে বিচৰাৰ দৰেই কলাজল নদীৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ফালে শিবিৰ পাতি তেঁওলোকক অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰি দিবলৈ মন্ত্ৰী গৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে।ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে মধুকুছি পঞ্চায়তৰ মতকুছি অঞ্চলত পুঠিমাৰি নদীয়ে যোৱা নিশা সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তাসকলক নিৰ্দেশ দিয়ে।মন্ত্ৰীগৰাকীয়ে লগতে বানাক্রান্ত ৰাইজক আশ্ৰয়, সাহায্য সামগ্ৰী, ঔষধ আদি সকলো প্ৰয়োজনীয় সহায় সময়মতে প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।

পাছত মন্ত্ৰী পীযুষ হাজৰীকাই বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰচিমলগুৰি অঞ্চলত অৱস্থিত অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়স্থিত বানপিড়িতৰ অস্থায়ী আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা বানাক্ৰান্তসকলৰ খবৰ লয় । বৰ্তমানে বাক্সা জিলাৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰকীয়ে উপস্থিত সাংবাদিকসকলক কয় যে শিবিৰটোত থকা সকলো আবাসীয়ে সকলো ধৰণৰ সুবিধা লাভ কৰি থকা বুলি তেঁওক জনাইছে আৰু শিবিৰটোৰ কণমানি শিশুসকলেও পঢ়া-শুনাত ব্যস্ত থকা দেখি মন্ত্ৰীগৰাকী নিজেও আশ্বস্ত হৈছে। আনহাতে বানাক্ৰান্ত সকলৰ একাংশৰ ঘৰ-দুৱাৰ বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে চৰকাৰী যি এককালীন সাহাৰ্যৰ ব্যৱস্থা আছে সেয়া তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে । সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ প্ৰথম বাৰিষাত যিসমূহ অঞ্চলত মথাউৰি ভাঙিছে সেই অঞ্চলসমূহত জৰুৰীভাৱে জিঅ’ বেগ আদিৰে অস্থায়ী কাম কৰি বান নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে ।এতিয়াও ভগ্ন মথাউৰিসমূহত অস্থায়ীভাৱে কাম কৰি ৰাইজক সাময়িকভাৱে সকাহ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্থায়ী প্ৰতিৰোধৰ কাম খৰালি দিনতহে কৰিব পৰা যাব।

আবেলিলৈ মন্ত্ৰী পীযুষ হাজৰীকাই তামুলপুৰৰ জাৰতালুক অঞ্চলত উপস্থিত হৈ পাগলাদিয়া নদীৰ খহনীয়াত ক্ষতি হোৱা মথাউৰি আৰু পথৰ অংশ পৰিদৰ্শন কৰে আৰু খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কৰি থকা কামৰ বুজ লয়।অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে মানুহৰ দুখৰ সময়ত মাত এষাৰ দিয়াৰ মানসেৰেই তেঁও ঘূৰি আছে আৰু যিখিনি মথাউৰি ভাগো ভাগো হৈ আছে সেই মথাউৰিখিনি ৰাখিবলৈ অহৰহ চেষ্টা চলাই থকা বিভাগীয় অভিযন্তা, কৰ্মচাৰীসকলৰ কামসমূহৰ বুজ লৈছে । ভাগিবলৈ আৰম্ভ কৰা মথাউৰি এটা কষ্ট কৰি হ’লেও ৰখাবলৈ চেষ্টা কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ সকলো বিষয়া, অভিযন্তাকে আহ্বান জনাই কয় যে, মথাউৰি এটা কষ্ট নকৰাকৈ ভাঙিবলৈ এৰি দিয়াটো গ্ৰহণযোগ্য নহয়, আমি কষ্ট কৰি হ’লেও মথাউৰি বচাবলৈ প্ৰয়াস কৰিব লাগিব।

Leave A Reply

Your email address will not be published.