আজি অনুষ্ঠিত হয় ক`ভিডৰ নিদেৰ্শনা সম্পৰ্কীয় মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল।সংবাদমেলৰ সিদ্ধান্ত সমূহ হ`ল এনেধৰণৰ -জিলা প্ৰশাসনৰ অনুমতি লৈহে অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব ।বন্ধ কোঠাৰ অনুষ্ঠানত ৫০% লোকহে উপস্থিত থাকিব পাৰিব।বিবাহ আদিত ১০০তকৈ অধিক উপস্থিত থাকিব নোৱাৰিব।মৃতকৰ শেষকৃত্যত ২০ জনতকৈ অধিক উপস্থিত থাকিব নোৱাৰিব।আনহাতে ধৰ্মীৰ অনুষ্ঠানত প্ৰতি ঘণ্টাত ২০ গৰাকীহে উপস্থিত থাকিব পাৰিব।বিখ্যাত ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত ৫০ গৰাকী লোকক অনুমতি দিয়া হৈছে।ৱৰ্ক ফ্ৰম হোম আৰু ভাৰ্চুৱেল পদ্ধতিৰ কাম কাজত প্ৰাধান্য।চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ৫০% কৰ্মচাৰীয়ে কাম সম্পাদনাৰ নিৰ্দেশ।প্ৰতিষ্ঠানৰ বিষয়াই নিজৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰিব নোৱাৰিব সভা।গৰ্ভৱতী মহিলাক ঘৰৰ পৰাই কাম কৰা অনুমতি প্ৰদান।৫ বছৰ তলৰ শিশুৰ মাতৃক ঘৰৰ পৰা কাম কৰা অনুমতি।কৰ্মক্ষেত্ৰত সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব মানি চলিব লাগিব ।প্ৰৱেশ-প্ৰস্থানস্থলীত থাৰ্মেল স্কেনিং হেণ্ড ছেনিটাইজাৰ থাকিব লাগিব ।আইন অমান্য কৰিলে কঠোৰ হ`ব প্ৰশাসন।ইয়াৰ উপৰিও পুলিচক মাস্ক যোগান ধৰিবলৈও নিৰ্দেশ জাৰি কৰিছে।আৰক্ষী সাংবাদিক শিক্ষকক প্ৰধান শাৰীৰ যোদ্ধা বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে ৰাজ্য চৰকাৰে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে