অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ-২০২৫ত যথাসম্ভব বেছিসংখ্যক যুৱকে অংশগ্রহণ কৰিব লাগে বুলি মন্তব্য কৰি লগতে কয় যে উৎসৱটো পুনৰাই কল্পনা কৰা হৈছে আৰু ভাৰতৰ ভৱিষ্যৎ গঢ় দিয়াত যুৱক-যুৱতীৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে দৃষ্টিভংগী, পুনৰ কল্পিত উৎসব, বিকশিত ভাৰত যুৱ নেতা সংলাপ অনুষ্ঠিত হ’ব। দুই ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছ কার্যসূচী সমন্বয়ক সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি, উত্তৰ-পূব এন এছ এছৰ আঞ্চলিক সঞ্চালক জংজিলং আৰু এন ৱাই কে এছৰ ৰাজ্যিক সঞ্চালক দীনবন্ধু সাহাই অসমৰ ৰাজ্যপালক ৰাজভৱনত সাক্ষাৎ কৰি বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে আৰু লগতে অসমৰ বিকশিত ভাৰত যুৱ নেতা সংলাপ কার্যসূচীত যুৱক-যুৱতীসকল জড়িত হোৱাৰ বিষয়ে আলোচনা কৰে। প্ৰগতিশীল আৰু সৰ্বাংগীণ ভাৰত গঢ় দিয়াৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰ নির্মাণত যুৱক-যুৱতীসকলক অংশগ্ৰহণৰ বাবে অনুপ্রাণিত কৰাটোৱেই এই অনুষ্ঠানৰ উদ্দেশ্য। ২০২৫ চনৰ ১১-১২ জানুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় অনুষ্ঠানৰ বাবে মুঠতে ভাৰতৰপৰা প্ৰায় ৩০০০ যুৱক-যুৱতীক নির্বাচিত কৰা হ’ব। ১৫-২৯ বছৰ বয়সৰ যুৱক- যুবতীসকলে https://mybharat.gov.inত লগইন কৰি বিকশিত ভাৰত কুইজ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে বা https://quiz2.mygov.inত লগইন কৰিব পাৰে। প্ৰতিযোগিতাৰ অন্তিম দিন চলিত বৰ্ষৰ ৫ ডিচেম্বৰ।
Trending
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে
- ৰয়িঙৰ বলুং গাঁৱত সুধাকণ্ঠৰ এশ বছৰীয়া জন্ম জয়ন্তী উদযাপন-অসম-অৰুণাচলৰ প্ৰেম আৰু ভ্ৰাতৃত্বৰ এনাজৰী- চেলফি পইন্ট উদ্বোধন
- কাঁহিকুছিত তিনিদিনীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত সুধাকণ্ঠ ড’ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত বিশেষ সংখ্যা প্রাগতীর্থ উন্মোচন
- ৰাণীত আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস পালন -শিমলু গছৰ পুলি ৰোপণ আৰু বিতৰণ