ৰাজ্যিক তথ্য আয়ুক্ত পদত অধিষ্ঠিত হ’ল এগৰাকী সাংবাদিক

0 247

ক’ৰণাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যবাসীৰ বাবে আছে এক সুখবৰ। অসমৰ সংবাদ জগতৰ এক উজ্জল নক্ষত্ৰ তথা অসমৰ সংবাদ জগতৰ জ্যেষ্ঠ সাংবাদিক সমুদ্ৰ গুপ্ত কাশ্যপক নিযুক্তি দিয়া হৈছে ৰাজ্যিক তথ্য আয়ুক্ত পদত। ইয়াৰ পুৰ্বে ৰাজ্যিক তথ্য আয়ুক্ত পদত কৰ্মৰত হৈ আছিল নীলুফাৰ আলম হাজৰিকাৰ। নীলুফাৰ আলম হাজৰিকাৰ কাৰ্যকালৰ সময় সমাপ্ত হোৱাৰ পিছত খালী হৈ থকা পদটোত সমুদ্ৰগুপ্ত কাশ্যপক নিযুক্তি প্ৰদান কৰা হয়।
 
 
 
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ৰাজ্যত এগৰাকী জ্যেষ্ঠ সাংবাদিকক নিযুক্তি প্ৰদান কৰা হৈছে ৰাজ্যিক তথ্য আয়ুক্ত পদত। এই পদত নৱ নিযুক্তি লাভ কৰা ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপে লাভ কৰিব তিনি বছৰীয়া কাৰ্যকাল। উলেখ্য যে উত্তৰ পূৱৰ এখন জনপ্ৰিয় কাকত দি ইণ্ডিয়ান এক্সপ্ৰেছত উত্তৰ পূৱৰ বিশেষ সংবাদদাতা আছিল ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ।

Leave A Reply

Your email address will not be published.