দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত কালি সন্ধিয়া জু-জিৎছু এচোছিয়েশ্যন, অসমৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক জু-জিৎসু অসম ৰাজ্যিক চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলনৰে প্ৰতিযোগিতাখন উদ্ধোধন কৰে অসম ৰাজ্যিক অলিম্পিক সন্থাৰ উপ-সভাপতি বাণীব্ৰত দাসে । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে জু-জিৎসু অসমৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰীতুবৰণ শৰ্মা,বিশিষ্ট অতিথি হিচাপে উপসভাপতি অমল ডেকা,সম্পাদক সঞ্জয় কুমাৰ চাহু, জীতেন দত্ত,কামৰূপ জিলা সমিতিৰ সভাপতি ডাঃ উৎপল কলিতা উপস্থিত থাকি প্ৰতিযোগী সকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে।আনহাতে প্ৰতিযোগিতাত ১৬, ১৮ আৰু ২১ বয়সৰ তলৰ আৰু প্ৰাপ্তবয়স্ক সকলৰ ফালৰ ১৪ খন জিলাৰ লগতে ২৫০ জন খেলুৱৈয়ে ভাগ লয়।প্ৰতিযোগিতাত গোলাঘাট জিলাই শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে, শিৱসাগৰ জিলাই ৰাণাৰ্ছ আপ দলৰ সন্মান লাভ কৰে।শ্ৰেষ্ঠ দলক দধি মোহন সোঁৱৰণী বঁটা ( দাতা: অমল ডেকা ) প্ৰদান কৰা হয়।
Trending
- National Science Centre, Guwahati Celebrated International Museum Day 2026 with Inauguration of Orchid and Cactus Garden
- NSE Commences Trading in Electronic Gold Receipts (EGRs)
- সাতমাইলত ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বহাগী উৎসৱ উদযাপন
- অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক সজাগতা সভা
- CM Dr. Sarma inaugurates Digital and AI powered bank branch of Slice Small Finance Bank in Guwahati
- Assam Governor administers oath of office to Chandra Mohan Patowary as Pro-tem speaker
- ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন