ৰাজ্যিক সংগীত মহাবিদ্যালয়ত ৰুদ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তি উন্মোচন

0 172

ৰুদ্ৰ বৰুৱাৰ গীতত আমি শিপাৰ সন্ধান পাও, আমি নিজকে যেন বিচাৰি পাও-মহানগৰীৰ পাঞ্জাবাৰীস্হিত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত ৰুদ্ৰ বৰুৱাৰ এটি আবক্ষ মূৰ্তি উন্মোচন কৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজি এই দৰে কয়।
আধুনিক অসমীয়া সংগীতক এক বিশেষ স্তৰলৈ লৈ যোৱা শিল্পী সকলৰ ভিতৰত ৰুদ্ৰ বৰুৱাও অন্যতম বুলি উল্লেখ কৰি সংস্কৃতিক মন্ত্রী বড়াই ৰুদ্ৰ বৰুৱাদেবে সংগীতৰ লগতে এগৰাকী দায়বদ্ধ আৰু দক্ষ বিষয়া হিচাপেও সমাজৰ সেৱা কৰি গৈছে বুলিও কয়। ৰুদ্ৰ বৰুৱাৰ গীতত আমি গ্ৰাম্য সমাজৰ নিতোল ছবি এখন লক্ষ্য কৰো বুলি উল্লেখ কৰি তেখেতক প্ৰদান কৰা লুইত কোঁৱৰ অভিধাটো তেখেতৰ কামৰ সৈতে সম্পূর্ণ ৰূপে ৰজিতা খাই পৰাৰ কথাও কয়।
শিল্পী ৰুদ্ৰ বৰুৱাৰ পত্নী আৰতি বৰুৱাই তেওঁৰ পেঞ্চনৰ ধনেৰে নিৰ্মাণ কৰি দিয়া আবক্ষ মূৰ্তিটোৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি কয় যে ৰুদ্ৰ বৰুৱাই মাত্র ৫৩ বছৰ বয়সত যিখিনি কৰি থৈ গ’ল সেয়া আমি এশ বছৰতো কৰিব নোৱাৰো বুলি কয়। ৰুদ্ৰ বৰুৱাৰ পুত্র ডা:নৱ নীল বৰুৱাই শিল্পী গৰাকীয়ে দেশৰ স্বাধীনতা সংগ্রামত অংশ গ্ৰহণৰ কথা উনুকীয়াই তেখেতৰ সংস্কৃতিক জাতীয়তাবাদী মনটোৰ কথাও কয়। ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয় আৰু লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা স্মৃতি ন্যসে যুটীয়াভাৱে আয়োজন কৰা প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে অংশগ্রহণ কৰি ৰুদ্ৰ বৰুৱাৰ গীতৰ সৈতে তেওঁৰ আত্মিক সম্পর্কৰ কথা উল্লেখ কৰাৰ লগতে শিল্পী বৰুৱাৰ পকা ধানৰ মাজে মাজে গীতটি পৰিৱেশন কৰে। সভাত ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বিদ্যুৎ মিশ্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্হিত আছিল।

Leave A Reply

Your email address will not be published.