ৰাজ্য চৰকাৰৰ উদ্যোগত নগাঁৱত অনুষ্ঠিত হৈ থকা উদ্যম ২০২৩ ত মন্ত্ৰী পীযুষ হাজৰীকা

0 160

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত নগাঁও জিলাৰ নেহৰুবালি ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা উদ্যম ২০২৩ শীৰ্ষক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সামগ্ৰী বিক্ৰী ও প্ৰদৰ্শনী, আলোচনা চক্ৰ তথা প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন কৰে। উদ্যম ২০২৩ৰ অধীনত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগপতিসকলৰ বাবে অনুষ্ঠিত হৈ থকা প্ৰশিক্ষণ অনুষ্ঠান এটাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সকলো উদ্যোগপতিকে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।অনুষ্ঠানটোত চমু বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় অৰ্থনীতি নৱ উদ্যোগীকৃত অৰ্থনীতি হিচাপে পৰীচিত আৰু এনে সময়তে ই বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি । যেতিয়া ভাৰতীয় অৰ্থনীতি সম্পূৰ্ণৰূপে উদ্যোগীকৃত হৈ পৰিব তেতিয়া নিশ্চিতৰূপত ভাৰতীয় অৰ্থনীতি বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতিত পৰিণত হৈ উঠিব, মন্ত্ৰীগৰাকীয়ে কয়।আনহাতে অসমত এতিয়াও একাংশৰ মাজত উদ্যোগীকৰণৰ বিষয়ে ধনাত্মক মানসিকতাৰ অভাৱ আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই এই ক্ষেত্ৰত আমাৰ বহুখিনি কৰণীয় আছে বুলি মন্তব্য কৰে। 

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত অসমৰ সকলো জিলা সামৰি ৯ টা স্থানত উদ্যম অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।এই অনুষ্ঠানত উদ্যোগপতি সকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী কৰাৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বহুকেইটা প্ৰয়োজনীয় দিশত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

Leave A Reply

Your email address will not be published.