পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাণীত আজি ৰাণী শিক্ষাখণ্ডৰ দ্বাৰা আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। নতুনৰাণী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত ৰাণী শিক্ষাখণ্ড বিষয়া লাচিত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই পাঠ্যপুথি বিতৰণি কাৰ্যসূচীত জিলা পৰ্যায়ৰ শিক্ষা বিষয়া দেৱযানী দাস, প্ৰাক্তন প্ৰধান শিক্ষক তথা সমাজ সেৱক ললিত চন্দ্ৰ দাসৰ লগতে শিক্ষাখণ্ডৰ অন্তৰ্গত বহুকেইখন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে। এই বিতৰণ কাৰ্যসূচীতেই অঞ্চলটোৰ উপস্থিত শিক্ষকসকলে নিজৰ নিজৰ বক্ত্যবৰে বিদ্যালয়সমুহৰ স্পৰ্শকাতৰৰ বিষয়ত মত প্ৰকাশ কৰে। উল্লেখ্য যে ২০২০ শিক্ষা বৰ্ষৰ বাবে কামৰূপৰ ৯ টা শিক্ষাখণ্ডৰ ভিতৰত ৰাণী শিক্ষাখণ্ডই প্ৰথম এই বিনামূলীয়া পাঠ্যপুথি বিদ্যালয় সমুহলৈ যোগান ধৰিবলৈ সক্ষম হয়।খবৰ যুগুতালে জিতুমণি দাসে
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins