ৰাণীত ১৭৫ চি আৰ পি এফৰ নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ কাৰ্যভাৰ গ্ৰহণ

0 171

# ৰাণীত ১৭৫ চি আৰ পি এফৰ নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ কাৰ্যভাৰ গ্ৰহণ#

২৫ নৱেম্বৰ :

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি.আৰ.পি.এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক শেহতীয়াকৈ উত্তৰ প্ৰদেশলৈ বদলি কৰা হৈছে।।তেওঁৰ স্থানত নিযুক্তি দিয়া হৈছে কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাঁক। ২৩ নৱেম্বৰত নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে ৰাণীস্থিত ১৭৫ চি.আৰ.পি.এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাঁক সম্বৰ্ধনা জনোৱা হয়। বাহিনীটোৰ ডেপুটী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ ৱালাং, মুখ্য চিকিৎসা বিষয়া ডাঃ দীপ্তি বুৰলেকে ধৰি উপস্থিত বিষয়া – জোৱান সকলে তেওঁক গামোছা, ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই আগন্তক দিনত বিভাগীয় কাম-কাজত সকলোৰে সহায়-সহযোগিতা লাভ কৰিব বুলি আশা ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.