গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তবৰ্তী ৰাণীৰ শুকুৰবৰীয়াৰ পৰা কিছু নিলগৰ জাতি – জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ মেঘালয়ৰ ৰিভয় জিলাৰ জিৰাং সমষ্টিৰ অন্তৰ্গত পাথাৰখামাৰ নান্দনিক তথা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ সেউজ পৰিবেশৰ মাজত উমচাও আৰু বাৰেগাঁৱত যুগ যুগ ধৰি বাস কৰি অহা ৰাভা জনগোষ্ঠীৰ লোকসকলে মেঘালয়ত থাকিলেও পাহৰি যোৱা নাই নিজৰ পৰম্পৰা, কৃষ্টি – সংস্কৃতি। ১৯১০ চনৰ পৰা বাৰেগাঁৱত পালন কৰি অহা এই সুঁৱৰি উৎসৱে অঞ্চলটোত বাস কৰি অহা সকলো জাতি – জনগোষ্ঠীৰ লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীদাল অধিক সুদৃঢ় কৰি আহিছে। দুয়োখন গাঁৱৰ মাজভাগত আছে কলীয়া ঠাকুৰ নামঘৰ ( গোঁসাইঘৰ)। নামঘৰৰ মূল তোৰণৰ সন্মূখত থকা মুকলি পথাৰত বিগত বছৰৰ দৰে এইবেলিও ৮ বহাগ অৰ্থাৎ ২২ এপ্ৰিলত পাথাৰখামাৰ উমচাও আৰু বাৰেগাঁৱৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে বাৰেগাঁৱৰ পৰম্পৰাগতভাবে এদিনীয়া কাৰ্যসূচীৰে সুঁৱৰি উৎসৱ পালন কৰে । পৰম্পৰা অনুসৰি প্ৰথম বিহুৰ দিনা ( গৰু বিহু ) গোঁসাইঘৰৰ পৰা গোঁসাই উলিয়াই ঘৰে ঘৰে ফুৰাই ৯ বিহু বা ৮ বহাগৰ দিনা পৰম্পৰাগতভাবে সুঁৱৰি উৎসৱ পালন কৰি অহা হৈছে। উমচাও বাৰেগাঁৱৰ ৰাইজ গয়ৰহৰ সভাপতি সুৰেণ ৰাভা আৰু সম্পাদক ভদ্ৰেশ্বৰ ৰাভা, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেণ ছিনাল , সম্পাদক শুক্লেশ্বৰ দিয়া, ডাকুৱা ঘেতোৰাম মেগো , ভৰালী হৰি পাঠক, বাৰিকা তবিত দিয়া, উমচাও মহিলা সমাজৰ সভানেত্ৰী জিতুমণি নংবাক , প্ৰাক্তন সভানেত্ৰী বাসন্তী ৰাভা, সম্পাদিকা ৰঞ্জিতা মেগোই জানিবলৈ দিয়া জানিবলৈ দিয়া মতে উৎসৱৰ লগত সংগতি ৰাখি আন আন কাৰ্যসূচীৰ লগতে ৰাভা জনগোষ্ঠীৰ বগেজাৰী নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও অঞ্চলটোৰ নামঘৰৰৰ পৰা এক আকৰ্ষণীয় শোভাযাত্ৰাৰে গোঁসাই লৈ আহি সুঁৱৰি উৎসৱত স্থাপন কৰা হয় । আনহাতে সুঁৱৰি উৎসৱৰ বিশেষ আকৰ্ষণ আছিল অসমৰ ৰাভা জনগোষ্ঠীৰ লোকসকলৰ কৃষ্টি – সংস্কৃতি , ৰীতি – নীতিত আকৰ্ষিত হৈ নিজ ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰা অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী ওৰাল চিংক্লিয়ে উপস্থিত সকলোকে চাহ – জলপানৰে আপ্যায়িত কৰি ৰাইজৰ সৈতে সুঁৱৰি উৎসৱত ভাগ লৈ সেৱা আগবঢ়োৱাটো। তেনেদৰে বিয়লি সুঁৱৰি উৎসৱৰ অন্তত নামঘৰত উপস্থিত সকলোৰে মাজত প্ৰসাদ আৰু লাৰু বিতৰণ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰে এইবেলিৰ সুঁৱৰি উৎসৱৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা