ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে গোটেই ভাৰতবৰ্ষতে যোৱা ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ বিস্তৃত কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগত গুৱাহাটী মহানগৰৰ বিস্তৃত এলেকা ৰুক্মিণীগাওঁ, ছয়মাইল, উলুবাৰী, ভঙাগড়, গণেশগুৰি, দিশপুৰ আৰু পল্টন বজাৰৰ এলেকাত ত্ৰিশতাধিক স্বেচ্ছাসেৱক-সেৱিকা, এন চি চি কেডেট আৰু ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱকসকলে হাতে-হাতে বেনাৰ, প্ৰচাৰ পুষ্ঠিকা আদি লৈ পথচাৰীসকলক , যান-বাহনৰ চালক, পৰিচালক, যাত্ৰী লগতে ৰিক্সাযালক, অট’চালক সকলোকে যান-বাহন আইনৰ সুৰক্ষা, যান-বাহন আইনৰ বিভিন্ন দিশ,পথ সুৰক্ষা, নিয়ন্ত্ৰণ গতিত যান-বাহন চলোৱা, ট্ৰেফিক চিগনেল মানি চলা, দুচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে চিটবেল ব্যৱহাৰ কৰা, চালকে মাদকদ্ৰৱ্য ব্যৱহাৰ কৰি গাড়ী নচলোৱা,যান-বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰা আদি বিভিন্ন পথ সুৰক্ষাৰ বিষয়ক সচেতনতা সৃষ্টিৰ বাবে আহ্বান জনায় । পথ সুৰক্ষাই জীৱন সুৰক্ষা,যান-বাহনৰ অনিয়ন্ত্ৰিত গতি পৰিহাৰ আদি নীতি সাৰোগত কৰি এখন দূৰ্ঘটনা মুক্ত ৰাজ্য গঢ়াৰ বাবে আহ্বান জনায় ।এই কাৰ্যসূচীৰ লগতে আৰু বহুতো বিস্তৃত কাৰ্যসূচী অহা ১৭ জানুৱাৰীলৈ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত হ’ব আৰু ইয়াত সকলো শ্ৰেণীৰ জনসাধাৰণক সহযোগিতা আগবঢ়োৱাৰ বাবে নেহেৰু যুৱ কেন্দ্ৰ কামৰূপ মহানগৰৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্য আৰু গাণনিক আৰু কাৰ্যসূচী পৰিদৰ্শক জীৱন চন্দ্ৰ দলে আহ্বান জনায় ৷
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা