ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ বিৰল সন্মান আজুৰি অনা এগৰাকী অসম কন্যাই দেখুৱালে আদৰ্শৰ এক অনন্য নিদৰ্শন। কঠোৰ সাধনা, একাগ্ৰতা আৰু ইচ্ছা শক্তি থাকিলে মানুহে কৰিব নোৱাৰা একো কাম নাই। তাৰ জ্বলন্ত উদাহৰণ হ’ল মুম্বাইত সদ্যসমাপ্ত ‘লিভা মিচ ডিভা, ২০২১’ শীৰ্ষক সৌন্দৰ্য কিম্বা মডেলিং প্ৰতিযোগিতাত দুটাকৈ সন্মান লাভ কৰা অসমৰ পল্লৱী শইকীয়া। উক্ত প্ৰতিযোগিতাত শীৰ্ষ দহ গৰাকী প্ৰতিযোগীৰ অন্যতম পল্লৱীয়ে ‘টাইমছ মিছ টেলেণ্টেড’ আৰু ‘লিভা টপ মডেল’ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছে। তেওঁ আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিযোগী।তিনিচুকীয়া জিলাৰ ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত টিংৰাই অঞ্চলৰ শিক্ষক হেমন্ত শইকীয়া আৰু অনিমা শইকীয়াৰ জ্যেষ্ঠ কন্যা পল্লৱীৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল তৈল নগৰী ডিগবৈস্থিত ‘লিটল ষ্টাৰ ছিনিয়ৰ ছেকণ্ডাৰী স্কুল’ত। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ পল্লৱীয়ে সত্ৰীয়া নৃত্য, ভাৰত নাট্যম আৰু শাস্ত্ৰীয় সংগীততো বিশাৰদ ডিগ্ৰী লাভ কৰিছে। পল্লৱী এগৰাকী নাট্য শিল্পীও। উল্লেখ্য যে সদ্যঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাত ডিগবৈ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত সন্মান সহ সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী ছাত্ৰী গৰাকীয়ে ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য বান্ধি লৈছে। পল্লৱীৰ এনে বিৰল কৃতিত্বত উৎফুল্লিত হৈছে টিংৰাইবাসী।
Trending
- বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- আই এ এছ এছ সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলনৰ সামৰণি
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান