ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,নলবাৰীৰ উদ্যোগত বিশেষ স্বাস্থ্য শিবিৰ

0 150

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত ২০ আৰু ২১ অক্টোবৰ তাৰিখে বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় ।বৰবাল্লাৰ জ্ঞান বিকাশ একাডেমী,১ নং অ’ৰৰা প্ৰাথমিক বিদ্যালয় আৰু জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই শিবিৰত অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বেখ,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: সুভাষ শৰ্মা প্ৰমূখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে । এই শিবিৰত সকলো বয়সৰ ব্যক্তিৰ স্বাস্থ্য বিশেষকৈ জেষ্ঠসকল,প্ৰসূতি আৰু শিশু স্বাস্থ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছিল । তদুপৰি উক্ত শিবিৰ সমূহত সকলোধৰণৰ স্বাস্থ্য পৰীক্ষা উপলব্ধ হোৱাৰ লগতে ক’ভিড ভেকচিন প্ৰদান,বিনামূলীয়া ঔষধ বিতৰণৰ ওপৰিও প্ৰায়কেইটা বিভাগৰ বিশেষজ্ঞ চিকিৎকসকল উপস্থিত আছিল । সুস্বাস্থ্যৰ উপৰিও ৰুচিসন্মত জীৱনশৈলী মানুহৰ মাজত প্ৰচাৰৰ লগতে প্ৰতিজন ব্যক্তিক স্বাস্থ্যবান কৰি তোলাৰ মহৎ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।স্বাস্থ্য সাক্ষৰতাৰ সমান্তৰালভাৱে সামগ্ৰিক স্বাস্থ্য,বৈজ্ঞানিক মানসিকতা ওপৰত এই স্বাস্থ্য শিবিৰে ইতিবাচক প্ৰভাৱ পেলাব । স্বাস্থ্য শিবিৰত উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বেখে কয় যে স্বাস্থ্যৰ ক্ষেত্ৰত কৰা উপেক্ষা আৰু উদাসীনতা দুয়োটাই বিপদজনক । চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি তথা বিনামূলীয়া সেৱাসমূহ জনগণৰ মাজত বহুলভাৱে প্ৰচাৰ কৰি আমি খাটিখোৱা মানুহক সেৱা কৰিব পাৰো । স্বাস্থ্যৰ ক্ষেত্ৰত কৰা আপোচে মানুহৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে । ৰোগমুক্ত জীৱনশৈলীৰ জৰিয়তে ব্যক্তিগত আৰু সামূহিক স্তৰত এক নতুন মনোভাৱ ৰোপণ কৰিবলৈ আমি কাম কৰি আছো । এই স্বাস্থ্য শিবিৰৰ জৰিয়তে জনগণ বহু পৰিমাণে উপকৃত হৈছে । অনাগত দিনতো এনে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা অৱগত কৰিছে ।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত ২০ আৰু ২১ অক্টোবৰ তাৰিখে বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় ।বৰবাল্লাৰ জ্ঞান বিকাশ একাডেমী,১ নং অ’ৰৰা প্ৰাথমিক বিদ্যালয় আৰু জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই শিবিৰত অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বেখ,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: সুভাষ শৰ্মা প্ৰমূখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে । এই শিবিৰত সকলো বয়সৰ ব্যক্তিৰ স্বাস্থ্য বিশেষকৈ জেষ্ঠসকল,প্ৰসূতি আৰু শিশু স্বাস্থ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছিল । তদুপৰি উক্ত শিবিৰ সমূহত সকলোধৰণৰ স্বাস্থ্য পৰীক্ষা উপলব্ধ হোৱাৰ লগতে ক’ভিড ভেকচিন প্ৰদান,বিনামূলীয়া ঔষধ বিতৰণৰ ওপৰিও প্ৰায়কেইটা বিভাগৰ বিশেষজ্ঞ চিকিৎকসকল উপস্থিত আছিল । সুস্বাস্থ্যৰ উপৰিও ৰুচিসন্মত জীৱনশৈলী মানুহৰ মাজত প্ৰচাৰৰ লগতে প্ৰতিজন ব্যক্তিক স্বাস্থ্যবান কৰি তোলাৰ মহৎ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।স্বাস্থ্য সাক্ষৰতাৰ সমান্তৰালভাৱে সামগ্ৰিক স্বাস্থ্য,বৈজ্ঞানিক মানসিকতা ওপৰত এই স্বাস্থ্য শিবিৰে ইতিবাচক প্ৰভাৱ পেলাব । স্বাস্থ্য শিবিৰত উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বেখে কয় যে স্বাস্থ্যৰ ক্ষেত্ৰত কৰা উপেক্ষা আৰু উদাসীনতা দুয়োটাই বিপদজনক । চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি তথা বিনামূলীয়া সেৱাসমূহ জনগণৰ মাজত বহুলভাৱে প্ৰচাৰ কৰি আমি খাটিখোৱা মানুহক সেৱা কৰিব পাৰো । স্বাস্থ্যৰ ক্ষেত্ৰত কৰা আপোচে মানুহৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে । ৰোগমুক্ত জীৱনশৈলীৰ জৰিয়তে ব্যক্তিগত আৰু সামূহিক স্তৰত এক নতুন মনোভাৱ ৰোপণ কৰিবলৈ আমি কাম কৰি আছো । এই স্বাস্থ্য শিবিৰৰ জৰিয়তে জনগণ বহু পৰিমাণে উপকৃত হৈছে । অনাগত দিনতো এনে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা অৱগত কৰিছে।

Leave A Reply

Your email address will not be published.