ভাৰতলৈ প্ৰত্যাবৰ্তন ঘটা সৰ্ববৃহৎ পেপাৰ প্লেন প্ৰতিযোগিতাৰ পঞ্চম সংস্কৰণ ৰেড্ বুল পেপাৰ উইঙ্গচ্ – ২০১৯ প্ৰতিযোগিতাখনি এইবাৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তত আজাৰাৰ ডনবস্কো ইউনিভাৰ্চিটিত কালি বিয়লিৰ পৰা আৰম্ভ হৈ নিশা প্ৰায় ৯ বজাত অন্ত পৰে। দুটা বিভাগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত বিশ্ববিদ্যালয়খনৰ ৮৩ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি কাগজৰ উৰাজাহাজ উৰুৱাই এক সুকীয়া পৰিবেশ সৃষ্টি কৰে। নিজৰ কলা সূলভ মনৰে নিজে তৈয়াৰ কৰা কাগজৰ উৰাজাহাজ প্ৰতিযোগী সকলে আৰ্হি প্ৰদৰ্শন কৰি দুটা শাখা ক্ৰমে দীৰ্ঘতম দূৰত্ব আৰু দীৰ্ঘকালীন উৰণ সময়ত ভাগ লৈ কাগজৰ উৰাজাহাজ উৰুৱাই। এই প্ৰতিযোগিতাত ডনবস্কো বিশ্ববিদ্যালয়ৰ ছাত্র জেডিয়েল চামাৰ আৰু বিকাশ কুমাৰ প্ৰধানে ক্ৰমে দীৰ্ঘতম্ দূৰত্ব ২৩.৯০ মিটাৰ আৰু দীৰ্ঘকালীন উৰণ ৮. ৬০ চেকেণ্ড সময় চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি তেওঁলোকে আগন্তুক এপ্ৰিল মাহত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় চূড়ান্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় এই প্ৰতযোগিতাত বিজয়ী সকলে অষ্ট্ৰিয়াত অনুষ্ঠিত হব লগীয়া আইকনিক হেঙ্গাৰ – ৭ বিশ্ব চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।ৰেড্ বুল পেপাৰ ইউঙ্গচ্ বিশ্ব চেম্পিয়ন প্ৰতিযোগিতা লৈ সমগ্ৰ বিশ্বৰ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে..
Trending
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ