জালুকবাৰী-ভূটনাথৰ ৰাজপথৰ লগতে মহানগৰীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ বাহনত পৰিবহণ বিভাগৰ তালাচী

0 324

যান-বাহনৰ নথিপত্ৰ নৱীকৰণৰ লগতে বকেয়াসহ যাৱতীয় কৰ পৰিশোধ সন্দৰ্ভত কালি জালুকবাৰী আৰু ভূটনাথৰ ৰাজপথত তালাচী চলোৱাৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত যানবাহনৰ নথিপত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দলে। সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত আৰু জিলা পৰিবহণ বিষয়া (প্ৰবৰ্তক শাখা) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰবৰ্তক পৰিদৰ্শক নিতু চেতীয়া, মৰমী পাঠকৰ লগতে নতুনকৈ নিয়োজিত হৈ প্ৰশিক্ষণৰত প্ৰবৰ্তক পৰিদৰ্শক আৰু তেওঁলোকৰ সহযোগী দলে ৰাতিপুৱা ৮বজাৰ পৰা বিয়লি ৪বজালৈকে মহানগৰীৰ জালুকবাৰী আৰু ভূটনাথৰ ৰাজপথত তন্নতন্নকৈ বিভিন্ন যানবাহনৰ তালাচী চলায় । উল্লেখ্য যে আজিৰ তালাচীৰ সময়ত নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিৰ লগতে দীৰ্ঘদিন ধৰি কৰ পৰিশোধ নকৰাৰ অপৰাধত ৩খন যাত্ৰীবাহী ট্ৰেভেলাৰ জব্দ কৰাৰ লগতে ৯০খন বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঠিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমনা আদায় কৰে ৷ ইফালে যান-বাহন পৰিদৰ্শক কানাই মহন্ত আৰু তেওঁৰ সহযোগী প্ৰণৱ কলিতা আৰু পংকজ দাস মহানগৰীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত উপস্থিত হৈ স্কুল বাছৰ নথিপত্ৰসমূহ এখন এখনকৈ পৰীক্ষা কৰে । বিদ্যালয় সমূহ আছিল ক্ৰমে দিল্লী পাব্লিক স্কুল, এন পি এছ, এছ বি অ এ, কেমব্ৰিজ ইন্টাৰনেশ্বনেল, সংস্কৃতি দা গুৰুকূল, কাজিৰঙা স্কুল, মহৰ্ষি বিদ্যামন্দিৰ, মনফৰ্ট, ডনবস্কো, চাউথ পইন্ট, ইউ এচ টি এম আদি ৷ অভিযানকালত এতিয়াও কৰ পৰিশোধ নকৰা বিদ্যালয়ৰ কতৃপক্ষক বকেয়াসহ বত্তমানৰ সকলো কৰ অহা ২০মাৰ্চৰ ভিতৰত পৰিশোধ কৰাৰ লগতে যান-বাহনৰ নথি-পত্ৰসমূহ নৱীকৰণৰ বাবে জাননী প্ৰেৰণ কৰে ৷

বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.