আজি মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু’ত অনুষ্ঠিত হয় উত্তৰ-পূৱ বৈদ্যুতিক মোবিলিটি সমাৰোহ । প্ৰদূষণ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম ৰাজ্যিক পৰিবহন নিগমে এই সমাৰোহ অনুষ্ঠিত কৰিছে । উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰি যানবাহন বৈদ্যুতিকৰণৰ ক্ষেত্ৰত বিশ্লেষণ আগবঢ়ায় । তাৰোপৰি বৈদ্যুতিক যানবাহন ব্যৱহাৰৰ ফলত কি কি সুবিধা হ’ব তাৰ বিষয়েও সমাৰোহত আলোচনা কৰা হয় । এই সমাৰোহতে বিভিন্ন কোম্পানীয়ে বৈদ্যুতিক বাছ, বৈদ্যুতিক ৰিক্সা, বৈদ্যুতিক মটৰ চাইকেল প্ৰদৰ্শন কৰে । উল্লেখ্য যে এই অনুষ্ঠানত নীতি আয়োগৰ মিছন ডাইৰেক্ট অনিল শ্ৰীবাস্তৱ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, উপাধ্যক্ষ হৰিচৰণ বড়ো, পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীকে প্ৰমুখ্য কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । জানিব পৰা মতে অহা ৪ তাৰিখৰ পৰা মহানগৰীৰ ৰাজপথত বৈদ্যুতিক বাছ সেৱা আৰম্ভ হ’ব । প্ৰথমে পৰীক্ষামূলকভাৱে ১৫ খন বাছ অসম ৰাজ্যিক পৰিবহণ নিগমে চলোৱাৰ ব্যৱস্থা কৰিছে ।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan