জ্যোতি চিত্ৰবনৰ উদ্যোগত আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত ৩১ অক্টোবৰ ২০১৯ৰ পৰা ৬ নৱেম্বৰলৈ সপ্তাহ জোৰা কৈ অনুষ্ঠিত হোৱা তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কালি তৃতীয় দিনা চলচ্চিত্ৰক এক শক্তিশালী কলা হিচাপে জনপ্ৰিয় কৰাৰ এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট ছবি সমালোচক খ্ৰীষ্ট’ফাৰ ডেলটন, ছবি সমালোচক গল্পকাৰ অপূৰ্ব শৰ্মা, ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ ছবি নিৰ্মাতা মনঝু বৰা উপস্থিত থাকে আৰু সবাতোকৈ জনপ্ৰিয় গণমাধ্যম চলচ্চিত্ৰ ই সাম্প্ৰদায়িক সময়ত কলা হিচাপে ইয়াৰ স্বকীয়তা বহুখিনি হেৰুৱা বুলি আটাইকেইটজনে উদ্দেগ প্ৰকাশ কৰে। উদ্যোগত পৰিণত হোৱাত ব্যৱসায়িক সফলতাৰ ওপৰত ছবি নিৰ্মাতাসকলে অধিক গুৰুত্ব আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত ছবিৰ কলাত্মক আৰু সৃজনীশীল দিশটো অৱহেলিত হৈ ৰৈছে যিয়ে ছবিৰ সৌন্দৰ্য্য হ্ৰাস কৰিবলৈ সক্ষম হোছে । অনুষ্ঠানত অপূৰ্ব শৰ্মাই কয় যে ছবিৰ কোনো পৰিধি নাথাকে আৰু নিজৰ সৈতে একাত্ম হ’ব পাৰে,অপোন সমাজক প্ৰতিনিধিত্ব কৰিব পৰা ছবিয়েহে সকলো দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আনহাতে মনজু বৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰিব পৰা কলাত্মক ছবি নিৰ্মাণৰ বাবে ইচ্ছানীয় ছবি নিৰ্মাণতাসকলক আহ্বান জনায়। নব্বৈ দশকৰ শেষৰ ফালে অসমৰ ছবি উদ্যোগলৈ এক বিপৰ্যয় নামি আহিছিল যদিও সম্পূতি অসমীয়া ছবিৰ উত্তৰণে আশা কঢ়িয়াই আনিছে বুলি তেওঁ মন্তব্য কৰে।আজিৰ অনুষ্ঠানৰ আন এগৰাকী কেৰেলাৰ ছবি সমালোচক খ্ৰীষ্ট’ফাৰ ডেলটনে ছবি নিৰ্মাতাসকলৰ প্ৰচেষ্টাৰ লগতে চৰকাৰী সহায় সহযোগীতাও অতি অৱশ্যেক বুলি মন্তব্য কৰে। অনুষ্ঠানৰ আঁত ধৰা ছবি সমালোচক প্ৰেমেনদু মজুমদাৰে ভাল ছবি নিৰ্মাণৰ লগতে ৰুচিবান দৰ্শক স্বীকৃতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে যোৱা দুটা বছৰ সফলতাৰে আয়োজন কৰাৰ পাছত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱেও চিনে প্ৰমীৰ পৰা বিশেষ সমাদৰ লাভ কৰিছে। যোৱা বাৰৰ দৰেএইবেলিও শিক্ষাৰ্থীসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰ শিক্ষাৰ্থীসকলৰ বাবেও উদ্যোগতাসকলৰ তৰফৰ পৰা বিশেষ সুবিধা আগবঢ়োৱা বুলি জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাঘেৰিটাই জানিবলৈ দিয়ে।
Trending
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে