ক্রীড়াৰ ক্ষেত্ৰত অতিকৈ উৰ্বৰা আৰু অপৰিসীম সম্ভাৱনাৰে পৰিপূৰ্ণ শিৱসাগৰ জিলাখনক ক্ৰীড়াৰ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰেক্ষাপটত এক উৎকৃষ্ট মৰ্য্যদা প্ৰদান কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই “খেল’ শিৱসাগৰ খেল'” শীৰ্ষক এক অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছে।ক্রীড়াৰ ক্ষেত্ৰত জিলাখনক স্বকীয় পৰিচয়েৰে মহীয়ান কৰি তোলাৰ প্ৰয়াস স্বৰূপে গ্ৰহণ কৰা “খেল’ শিৱসাগৰ খেল'” অভিযানৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰাৰ লক্ষ্যৰে উপায়ুক্ত গৰাকীয়ে যোৱা ১২ নৱেম্বৰত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনৰ ক্ৰীড়া সংস্থা সমুহৰ বিষয়-ববীয়া, ক্রীড়া সংগঠক, নবীন-প্ৰবীণ খেলুৱৈ আৰু ক্রীড়াপ্ৰেমী সকলৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।শিৱসাগৰৰ গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা প্ৰবীণ এথলিট মোহিত্ৰী সন্দিকৈৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকৰ অধ্যক্ষতা কৰি উপায়ুক্ত গৰাকীয়ে নিজ বক্তব্যত উল্লেখ কৰে যে, বিদ্যালয়, শিক্ষা খণ্ড আৰু জিলা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা আয়োজনৰ মূল উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় ক্রীড়া প্ৰতিযোগিতা সমূহত জিলাখনৰ পৰা সুসংগঠিত প্ৰক্ৰিয়াৰে উৎকৃষ্ট খেলুৱৈৰ বাচনি কৰি যোগদান নিশ্চিত কৰা। এই প্ৰক্ৰিয়াৰে প্ৰতিযোগিতাৰ বেছি সংখ্যক শিতানত জিলাখনৰ খেলুৱৈ সকলে যোগদান আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব বুলি তেওঁ মতপ্ৰকাশ কৰে। তেওঁ উপস্থিত সকলোৰে পৰা গঠনমূলক পৰামৰ্শ আৰু সম্পূৰ্ণ সহযোগিতা কামনা কৰে।সভাত উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই অৰ্জুন ভোগেশ্বৰ বৰুৱাক খেল’ শিৱসাগৰ খেল’ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে।উপায়ুক্তৰ নিৰ্দেশমৰ্মে সভাত জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায়ে “খেল’ শিৱসাগৰ খেল'”ৰ প্ৰস্তুতি সম্পৰ্কে প্ৰস্তুত কৰা প্ৰাৰম্ভিক পর্যায়ৰ পৰিকল্পনা সম্পৰ্কে যুগুত কৰা এক প্ৰতিবেদন পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ যোগেৰে উপস্থাপন কৰি এই সন্দৰ্ভত উপস্থিত সকলোকে মতামত আৰু পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে, এই প্ৰতিযোগিতা সমূহ জিলা উপায়ুক্তৰ তত্বাৱধানত; শিৱসাগৰ জিলা ক্রীড়া বিষয়াৰ কাৰ্য্যালয়, বিদ্যালয় সমূহৰ পৰিদৰ্শক, শিৱসাগৰ আৰু নাজিৰাৰ জিলা ক্রীড়া সন্থাৰ উদ্যোগত তথা বিভিন্ন ক্রীড়া সংস্থা সমূহৰ সহযোগিতাত অহা বছৰৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজ ভাগলৈ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতা সমূহ নিম্নোক্ত তিনিটা বৰ্গত অনুষ্ঠিত হ’ব: ১৪ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী; ১৭ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী; আৰু ১৯ বছৰ বয়সৰ অনুৰ্দ্ধৰ ল’ৰা আৰু ছোৱালী।সভাত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় খেলপথাৰ আৰু ইন্ডোৰ হল চয়ন; খণ্ড পৰ্য্যায়ত অনুষ্ঠিত কৰিবলগীয়া খেলসমুহ; বিদ্যালয়, খণ্ড আৰু জিলা পৰ্য্যায়ৰ বাবে প্ৰয়োজনীয় খেলৰ সা-সৰঞ্জাম সমূহ আৰু খণ্ড আৰু জিলা পৰ্য্যায়ৰ সমিতি সমূহৰ গঠন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে মুঠ ৩২ টা খেলৰ এক সূচী প্ৰস্তুত কৰা হয়।উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ ক্রীড়া ক্ষেত্ৰৰ উন্নতি আৰু খেলুৱৈ সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ বাবে যথাসম্ভৱ চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰে।নিজ বক্তব্যত অৰ্জুন ভোগেশ্বৰ বৰুৱাই জিলা প্ৰশাসনৰ উদ্যোগৰ শলাগ লৈ কয় যে, অসমৰ ভিতৰত প্ৰথম বাৰৰ বাবে জিলাখনত অনুষ্ঠিত হ’বলগীয়া খেল’ শিৱসাগৰ খেল’ প্ৰতিযোগিতাই নিশ্চিতভাৱে খেলুৱৈ সকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। ইয়াৰ দ্বাৰা তৃণমূল পৰ্যায়ৰ পৰা উদীয়মান ক্রীড়া প্রতিভা সমূহেও বিকশিত হোৱাৰ সুযোগ লাভ কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী